গুৱাহাটী,২৭ এপ্ৰিল:আইপিএলত প্ৰাক্তন ভাৰতীয় অধিনায়ক বিৰাট ক'হলীৰ দুৰ্বল ফৰ্মে সকলোকে চিন্তিত কৰি তুলিছে। তেওঁৰ এই দুৰ্বল ফৰ্মক লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে বিশ্বাস কৰে যে বেটিং তাৰকা জনক সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা এটা বিৰতি দিয়াৰ প্ৰয়োজন আৰু ইয়ে হ'ব তেওঁৰ বাবে এটা উল্লেখযোগ্য সমাধান।তেওঁ অনাগত দিনবোৰত ইয়াতকৈ আৰু ভালদৰে নিজক আত্ম প্ৰকাশ কৰিব পাৰে।
এইটো মন কৰিবলগীয়া কথা যে ক'হলীয়ে আই পি এল আৰম্ভ হোৱাৰ পিছৰে পৰা আটাইতকৈ বেয়া সময় পাৰ কৰি আহিছে য'ত তেওঁ এতিয়ালৈকে ১৬ ৰাণকৈ নখন খেলত মাত্ৰ ১২৮ ৰাণহে কৰিবহে সক্ষম হৈছে।
ৰবি শাস্ত্ৰীয়ে কয় যে,"মই ভাবো তেওঁক এটা বিৰতি দিয়াৰ প্ৰয়োজন। কিয়নো তেওঁ অবিৰাম সকলো ফৰ্মেটৰ ক্ৰিকেট খেলি আহিছে আৰু তেওঁ সকলো ফৰ্মেটতে দলটোৰ অধিনায়কত্ব কৰিছে। এতিয়া ক্ষন্তেক সময়ৰ বাবে বিৰতি লোৱাটো তেওঁৰ বাবে বুদ্ধিমান সিদ্ধান্ত হ'ব।তেওঁ নিজৰ কেৰিয়াৰ যদিহে দীঘলীয়া কৰিব বিচাৰে আৰু তাত ৬-৭ বছৰ যোগ দিব পাৰে তেন্তে এই আই পি এলৰ পৰা আঁতৰি আহি জিৰণি ল'লে তেওঁৰ হয়তো লাভ হ'ব।"
Comments