গুৱাহাটী,২৭ এপ্ৰিল:অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ নাৰ্চসকলে মঙলবাৰে নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছত তেওঁলোকৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰে।এইমছ নাৰ্ছ ইউনিয়নক উচ্চ ন্যায়ালয়ে তাৎক্ষণিকভাৱে কৰ্তব্যত যোগদান কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল।
ইউনিয়নৰ এজন প্ৰতিনিধিয়ে কয়,"এই দেশৰ আইন পালনকাৰী নাগৰিক হিচাপে আমি সন্মানীয় আদালতৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আমাৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰিছো। আমাক বুধবাৰে পুৱা ১০ বজাত আদালতত হাজিৰ হ'বলৈ কোৱা হৈছে। আমি আদালতৰ সিদ্ধান্তৰ ওপৰত আধাৰিত কৰি,আমাৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিম।"
এইমছ নাৰ্ছ ইউনিয়নৰ সভাপতি হৰিশ কাজিলাক নিলম্বন কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে মঙলবাৰে চিকিৎসালয়খনৰ নাৰ্চিং কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট কৰিছিল। নাৰ্ছ ইউনিয়নে কজলাৰ নিলম্বন তৎক্ষণাৎ প্ৰত্যাহাৰৰ দাবী জনাইছে।
Comments