গুৱাহাটী, ২৬ এপ্ৰিল: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে কয় যে প্ৰতি বছৰে ২০ ৰ পৰা ২৫ জন ভাৰতীয় সেনা জোৱানে যুদ্ধ বা সন্ত্ৰাসবাদী ঘটনাত নহয়, হিমস্খলনতহে প্ৰাণ হেৰুৱায়। তিৰঙ্গা মাউণ্টেইন ৰেচকিউ (টিএমআৰ)ৰ এটা দলৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয়: "মই অতি দুখিত যে প্ৰতি বছৰে আমাৰ সেনাৰ ২০ ৰ পৰা ২৫ জন কৰ্মচাৰীয়ে এনে দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। অৰ্থাৎ ইয়াতকৈ বেছি দুখজনক কি হ'ব পাৰে, কোনো যুদ্ধ নহয়, কোনো সন্ত্ৰাসবাদী ঘটনা নহয়, তথাপিও আমাৰ বহুতো সৈন্যই হিমস্খলনত প্ৰাণ হেৰুৱায়।"
তেওঁ সশস্ত্ৰ বাহিনীৰ কৰ্মচাৰীসকলৰ জীৱন হিমস্খলনৰ দৰে ভাবুকিৰ পৰা ৰক্ষা কৰাৰ লগতে সজাগতা বৃদ্ধি আৰু তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে টিএমআৰক প্ৰশংসা কৰে।তিৰঙ্গা মাউণ্টেইন ৰেচকিউ' দলটো হৈছে ২০১৬ চনৰ পৰা ভাৰতীয় সেনাৰ সৈতে জড়িত এক বেচৰকাৰী সংগঠন আৰু ই ভাৰতীয় সেনাৰ কৰ্মীসকলক হিমস্খলন উদ্ধাৰ আৰু প্ৰশিক্ষণ প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
Comments