সোণাৰি, ২৬ এপ্ৰিল : আজি পুৱা অহা এজাক প্ৰৱল ধুমুহা আৰু পাছত হোৱা ধাৰাসাৰ বৰষুণত সোণাৰি নগৰৰ বিস্তীৰ্ণ অঞ্চল ব্যাপক ক্ষতিৰ সন্মুখীন হয়। পুৱা প্ৰায় ন মান বজাত অহা প্ৰৱল ধুমুহা বৰষুণ জাকে নগৰখনৰ বিভিন্ন অঞ্চলৰ বহু ঘৰ দুৱাৰ, গছ, বিদ্যুৎ পৰিবাহী খুটা আদি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে।
উল্লেখযোগ্য যে ধুমুহা জাকৰ ফলত ৮ নং ৱাৰ্ডৰ বাসিন্দা জয়ৰাম নায়ক আৰু ৰাজু তাচাৰ বাসগৃহত দুডাল প্ৰকাণ্ড গছ উভালি পৰাত কণ কণ শিশুকে ধৰি কেবাজনো লোক সৌভাগ্য ক্ৰমেহে ৰক্ষা পৰে। এই বাতৰি লিখা পৰলৈকে নগৰখনৰ বহু ঠাইৰ পথৰ ওপৰত গছ সমূহ পৰি থকাৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।
ইফালে বহু ঠাইত বিদ্যুতৰ খুটা উভালি পৰাৰ লগতে একাধিক স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ বোৰ ছিঙি যোৱাৰ ফলত নগৰখনৰ বহু ঠাইত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। ধুমুহা বৰষুণ জাকত গৃহহাৰা হোৱা বহু পৰিয়ালে আজি নিশা আন্ধাৰৰ মাজতে মুকলি আকাশৰ তলত থাকিব লগীয়া হোৱাৰ পৰিবেশ সৃষ্টি কৰিছে যদিও জিলা প্ৰশাসনে এই বাতৰি লিখা পৰলৈকে দুৰ্যোগ পীড়িত সকলৰ প্ৰতি কোনো সহায়ৰ হাত আগবঢ়োৱা নাই বুলি জানিব পৰা গৈছে।
মনকৰিবলগীয়া যে আজি কিছু দিন পূৰ্বে জিলা খনত অনুষ্ঠিত প্ৰশাসনৰ এক বৈঠকত দুৰ্যোগ প্ৰশমণ বিভাগ বানপানী আৰু আন প্ৰাকৃতিক দুৰ্যোগৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি প্ৰকাশ কৰিছিল যদিও আজি ওৰেদিন দুৰ্যোগ পীড়িত সকলে সংশ্লিষ্ট পক্ষৰ পৰা কোনো ৰকমৰ সহায় সহযোগ পাবলৈ সক্ষম নহল।
Comments