সোণাৰি , ২৬ এপ্ৰিল : অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাত ড্ৰাগছ সৰবৰাহ আৰু ইয়াৰ বেহাৰ লগত জড়িত বহু লোক আৰু নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও জিলাখনত আজিও ড্ৰাগছৰ সৰবৰাহ অব্যাহত থকা বিষয়টো পোহৰলৈ আহিছে।
আজি জিলাখনৰ মথুৰাপুৰ আৰক্ষী থানাৰ সন্মুখত বিস্কুটৰ পেকেটত নিষিদ্ধ ড্ৰাগছ আৰক্ষীৰ তালাচীত ধৰা পৰা ঘটনাই জিলাখনত আজিও ড্ৰাগছ সৰবৰাহ হোৱা বিষয়টো প্ৰতীয়মান কৰিছে । ঘটনাৰ বিৱৰণী মতে, শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী অহা AS 04 D 1122 নম্বৰৰ গুৰুনানক নামৰ যাত্ৰীবাহী বাছখন মথুৰাপুৰ থানাৰ সন্মুখত ৰখাই আজি বিয়লি আৰক্ষীয়ে তালাচী চলোৱাত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী ধৰা পৰে।
ধৃত লোক দুজনৰ এজন নগালেণ্ডৰ ৱাংজেন কন্যাক আৰু আনজন উত্তৰ প্ৰদেশৰ আছলাম আলি বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ তথ্যৰ আধাৰত আৰক্ষীয়ে চলোৱা অভিযানত সৰবৰাহকাৰী দুটাৰ লগত থকা এটা বেগত অনা বিস্কুটৰ পেকেটত নিষিদ্ধ ড্ৰাগছ খিনি আৰক্ষীয়ে উদ্ধাৰ কৰে।
বাতৰি প্ৰেৰণ কৰা পৰ্যন্ত ড্ৰাগছখিনিৰ পৰিমাণ আৰু বজাৰ মূল্য সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য অৱগত কৰা নাই। মথুৰাপুৰ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰ্বৰাহকাৰী দুজনৰ জেৰা অব্যাহত ৰাখিছে
Comments