গুৱাহাটী, ২৭ এপ্ৰিলঃকাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰীৰআগমণক লৈ ডিব্ৰুগড়ত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে৷ডিব্ৰুগড়ত কাইলৈ সকলো চাহ বাগান বন্ধ থাকিব৷প্ৰধানমন্ত্ৰীৰ এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা কেইবা লক্ষাধিক মানুহৰ সমাগম হ’ব৷
কিন্তু প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ সময়তেই আহিছে এক শংকাৰ খবৰ।প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিনাক্ত হৈছে ক'ভিডত আক্ৰান্ত ৰোগী।দীৰ্ঘদিনৰ পিছত ডিব্ৰুগড়ত পুনৰ এজন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে।ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ নডেল বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে টুইটযোগে এই কথা সদৰি কৰিছে৷
ক’ভিডত আক্ৰান্ত লোকজন শেহতীয়াকৈ দিল্লীৰ পৰা আহিছিল।বিশেষকৈ ক'ভিডত আক্ৰান্ত ৰোগীজন কোনটো ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হৈছে, সেই সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই।উল্লেখযোগ্য যে,প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত এজন লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰাত ডিব্ৰুগড়বাসীৰ মনত এতিয়া কিছু শংকাৰ সৃষ্টি কৰিছে।
Comments
কাইলৈ আহিব প্ৰধানমন্ত্ৰী:প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে বন্ধ বাছ সেৱা,হাৰাশাস্তিৰ সন্মুখীন যাত্ৰী
Published on April 27, 2022|News Source : প্ৰণৱজ্যোতি দত্ত
বাছ সেৱা বন্ধ কৰি দিয়াৰ পাছতেই হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে যাত্ৰীসকল।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে ১০ হাজাৰ বাছ অধিগ্রহণ কৰাত ৰাজ্যজুৰি যান-বাহনৰ অভাৱৰ বাবে সাধাৰণ জনতাই অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত পাঁচ লাখ লোক বিভিন্ন জিলাৰ পৰা আনি সমবেত কৰিবলৈ লক্ষ্য স্থিৰ কৰি দুয়োখন সভালৈ মানুহ আনিবলৈ প্ৰায় দহ হাজাৰখন বাছ, ট্ৰেভেলাৰ, টাটা চুম', ইন'ভা আদি বাহনৰ ব্যৱস্থা কৰা হৈছে।এই বাহনসমূহৰ ভাড়াৰ বাবদ প্ৰায় ২৫ কোটি টকা পৰিশোধ কৰা হ’ব।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমণক লৈ ডিব্ৰুগড়, কাৰ্বি আংলঙত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে৷ডিব্ৰুগড়ত কাইলৈ সকলো চাহ বাগান বন্ধ থাকিব বুলিও জানিব পৰা গৈছে৷দুয়োখন সভাতে ৫ লাখকৈ লোক সমবেত কৰাৰ লক্ষ্যৰে বিজেপিৰ নেতা-কৰ্মীয়ে জনতাক ঘৰে ঘৰে তামোল-পাণেৰে আমন্ত্ৰণ জনাইছে৷
Published on January 1, 1970|News Source :