লখিমপুৰ, ষ্টাফ ৰিপটাৰ ২৫ এপ্ৰিল ;লখিমপুৰ জিলাৰ বিহ্পুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সোমবাৰে সংবাদমেলত বহিল একেখন থানাতে কৰ্মৰত কনিষ্টবল প্ৰেমধৰ নৰহ ।
প্ৰেমধৰ নৰহৰ অভিযোগ - সামান্য এটা কথাতে কনিষ্টবল প্ৰেমধৰ নৰহক নিজৰ কোঠালৈ মাটি নি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে আৰক্ষী বিষয়া উৎপল বৰা আৰু গাড়ী চালক সীমান্ত বৰাই । যোৱা ১৮ তাৰিখৰ দিনা সংঘটিত হল এই ঘটনা । তাকো আৰক্ষী থানাৰ কোঠাতে সংঘটিত হোৱা এই ঘটনাত ডিঙি আৰু মুখত বাৰুকৈ আঘাত পালে কনিষ্টবল গৰাকীয়ে ।পৰৱৰ্তী সময়ত তেওঁ চিকিৎসাধীন হব লগা হল ।
এই ক্ষেত্ৰত আৰক্ষী বিষয়া গৰাকী কেৱল প্ৰহাৰতে ক্ষান্ত নাথাকি নৰহক উদ্দেশ্যি তেওঁৰ পত্নীক আজুৰি বিভিন্ন অশ্লীল গালি গালাজ কৰে । আনহাতে মিছিং জনগোষ্ঠীক আজুৰিও অশ্লীল শব্দ প্ৰয়োগ কৰাৰ অভিযোগ তোলে ।এই সন্দৰ্ভত ঘটনা সংঘটিত হোৱাৰ পিছ দিনাই আৰক্ষী অধীক্ষকক লিখিত ভাবে সমগ্ৰ ঘটনা অবগত কৰিছে যদিও এই পৰ্য্যন্ত লখিমপুৰ জিলা আৰক্ষী অধীক্ষকে দিয়া নাই কোনো গুৰুত্ব । অসহায় কনিষ্টবল গৰাকীয়ে সেয়ে সংবাদ মেল সম্বোধন কৰি সোমবাৰে সহায় ভিক্ষা কৰিছে মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ ।
সংবাদমেলত জনোৱা মতে তেওঁ খুব ভয় -শংকাৰ মাজেৰে আজিও সেইখন থানাত কাম কৰি থকা বুলি কয় কনিষ্টবলগৰাকীয়ে । ইফালে এই ঘটনা সন্দৰ্ভত মিছিং জনগোষ্ঠীয় যূৱ নেতা নিৰ্মল পায়ঙে ঘটনাৰ গৰিহণা দি ইয়াৰ উচিত তদন্ত দাবী কৰে ।
Comments