গুৱাহাটী, ২৬ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তি আলোচনা বিফল হৈ থকাৰ পৰিপ্ৰেক্ষিতত, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভে সোমবাৰে দুয়োপক্ষৰ সন্মুখত তৃতীয় বিশ্বযুদ্ধৰ বাবে সতৰ্ক কৰি দিয়ে।
লাভাৰভে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শান্তি আলোচনাৰ প্ৰতি থকা ইউক্ৰেইনৰ দৃষ্টিভংগীক সমালোচনা কৰে। তেওঁ কয় যে, "সদিচ্ছাৰ সীমা আছে। কিন্তু যদি ই পাৰস্পৰিক নহয়, ই মীমাংসা প্ৰক্ৰিয়াত সহায় নকৰে।"
ইপিনে, তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা শেহতীয়া বৈঠকত লাভৰভে উল্লেখ কৰে যে, "কিয়েভে এখন খচৰা চুক্তি উপস্থাপন কৰিছে, যি ইয়াৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি যোৱাটো চিহ্নিত কৰিছে।"
লাভাৰভে আৰু দৃঢ়তাৰে কয় যে, "ৰাছিয়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ দ্বাৰা আৱণ্টিত দলটোৰ সৈতে আলোচনা অব্যাহত ৰাখিব। কিন্তু, জেলেনস্কিয়ে কেৱল শান্তি আলোচনাৰ ভাওহে ধৰি আহিছে, যিহেতু তেওঁ এজন ভাল অভিনেতা।"
"যদি সকলোৱে মনোযোগ দি জেলেনস্কিয়ে কোৱা কথাবোৰ বিবেচনা কৰে, তেন্তে জানিব পাৰিব যে তাত হাজাৰ বিৰোধিতা আছে।"
আনহাতে, দুয়ো দেশৰ মাজত উত্তেজনা বাঢ়ি অহাৰ লগে লগে লাভৰভে সতৰ্ক কৰি দিছে যে, "তৃতীয় বিশ্বযুদ্ধৰ বিপদৰ আশংকা এতিয়া বাস্তৱিক যেন লাগিছে।"
Comments