গুৱাহাটী,২৫ এপ্ৰিল:কা আন্দোলনৰ এক গোচৰৰ শুনানিৰ বাবে শেহতীয়াকৈ যোৰহাটত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ । অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা ৩২ টা গোচৰৰ ভিতৰত যোৰহাট আৰক্ষীয়ে ৰুজু কৰা গোচৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে অখিল গগৈয়ে । আনহাতে আদালতৰ কক্ষৰ পৰা ওলাই আহি বিস্ফোৰক মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।
বিধায়কগৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গ্ৰেপ্তাৰ হোৱা হ'লে এনকাউন্টাৰ কৰা হ'লহেঁতেন অখিল গগৈক । লগতে তেওঁ উল্লেখ কৰে যে,"বিজেপি চৰকাৰ দিনত কৰ্ট-কাছাৰীৰ প্ৰয়োজন নাই । বৰ্তমান চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি গগৈয়ে কয়, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, গৃহ মন্ত্ৰী, ডিজিপি সকলো। উল্লেখযোগ্য যে,কা-বিৰোধী আন্দোলনৰ বাবেই অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছিল প্ৰায় ৩২ টা গোচৰ । ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনতো গোচৰ ৰুজু হৈছিল অখিল গগৈৰ বিৰুদ্ধে ৷
Comments