গুৱাহাটী,২৬ এপ্ৰিল:অহা আঠাইশ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সভাস্থলী পৰিদৰ্শন কৰাৰ লগতে সকলো বিলাক ব্যৱস্থাৰ বুজ লয় মুখ্য মন্ত্ৰীগৰাকীয়ে । পৰিদৰ্শন কালত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড: তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে, বিধায়কদ্বয় বিদ্যাছিং ইংলেং আৰু দৰছিং ৰংহাং। সভাস্থলী পৰিদৰ্শনৰ অন্তত এক পৰ্যালোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।
অন্যহাতে সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই কয়যে প্ৰধানমন্ত্ৰী ভ্ৰমণক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উমৈহতীয়া প্ৰচেষ্টাত সভাৰ প্ৰস্তুতি সুন্দৰকৈ কৰা হৈছে, ৰাইজে এখন ভাল সভা চাব পাৰিব ৷
আনহাতে পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মোহনে কয় যে, প্ৰধান মন্ত্ৰীৰ সভাকলৈ কাৰবি আংলং বাসীৰ মাজত উৎসাহ আৰু উদ্যম তুংগত আছে৷ ইয়াৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ পূৰ্বৰ সভা সমূহকো চেৰ পেলাব বুলি তেওঁ আশাবাদী ৷
Comments