Cartoon
View Older
গুৱাহাটী, ২৮ এপ্রিলঃ বুধবাৰে বশিষ্ঠ মন্দিৰৰ পৰা 'শিৱলিঙ্গ' চুৰি কৰা সন্দৰ্ভত আৰক্ষীয়ে এহাল বিবাহিত দম্পতীক আটক কৰে।
ইপিনে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দম্পতীহাল মুকেশ সাহানী আৰু সৰস্বতী বৰা বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে, মুকেশ বিহাৰৰ বাসিন্দা আৰু সৰস্বতী নগাঁও জিলাৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীয়ে চুৰি হোৱা 'শিৱলিঙ্গ'ৰ লগতে দম্পতীহালৰ পৰা দুটা সাপৰ মূৰ্তি উদ্ধাৰ কৰে।
সূত্ৰ অনুসৰি, দম্পতীহালে ভক্ত হিচাপে মন্দিৰত প্ৰৱেশ কৰি কোনো নোহোৱাৰ সুযোগ লৈ 'শিৱলিঙ্গ' চুৰি কৰিছে বুলি জানিব পৰা গৈছে।
Comments