গুৱাহাটী,২৮ এপ্ৰিল:আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ধৰা পৰিছে অসম আৰক্ষীৰ এগৰাকী চোৰাংচোৱা। মঙলবাৰে আলফা স্বাধীনে প্ৰেৰণ কৰা এটি ভিডিঅ’ বাৰ্তাত দেখিবলৈ পোৱা অনুসৰি বাইহাটা মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা নামৰ যুৱকজন সেনা আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বুলি প্ৰকাশ হৈছে । ভিডিঅ’টিত উল্লেখ কৰা অনুসৰি সেনা-আৰক্ষীৰ তৰফৰ পৰা তেওঁক আলফা(স্বা)ত যোগদান কৰিবলৈ পঠোৱা হৈছিল।
আলফা(স্বা)ত বহুতো যুৱকৰ যোগদানৰ প্ৰসঙ্গত কেপ্টেইন ৰুমেল অসমে কয়,"২০২০ চনত আলফাত যোগদান কৰিবলৈ ঘৰ এৰি যোৱা ৬৪ জন যুৱক পুনৰ মূলসুঁতিলৈ উভতি আহিছিল। এই যুৱকসকলৰ বেছিভাগেই আদৰ্শগত ইচ্ছাৰ বাবে নহয় কিন্তু পৰিয়াল বা ব্যক্তিগত সমস্যাৰ বাবেহে আলফাত যোগদান কৰে। দৰিদ্ৰতা আৰু নিবনুৱাও এনে পদক্ষেপৰ কাৰণ হ'ব পাৰে।" তেওঁ লগতে কয়।
আৰক্ষী আৰু চোৰাংচোৱা বিষয়াসকলৰ মতে, চৰকাৰ আৰু আলফাৰ মাজত শান্তি আলোচনা হোৱাৰ সম্ভাৱনাৰ পটভূমিত বহু নিবনুৱা লোকে সংগঠনটোত যোগদান কৰিবলৈ চেষ্টা কৰি আছিল, এই আশাত যে অদূৰ ভৱিষ্যতে শান্তি চুক্তি স্বাক্ষৰ হ'লে তেওঁলোকৰ কিছু পৰিমাণে হলেও লাভালাভ হ'ব পাৰে। আলফা সূত্ৰই জনোৱা মতে, প্ৰায় এবছৰ পূৰ্বে সংগঠনটোত যোগদান কৰা সদস্য সকলৰ মাজত প্ৰায় ১৩ গৰাকী চোৰাংচোৱা আছে আৰক্ষীৰ৷
Comments