গুৱাহাটী,২৮ এপ্ৰিল:বিহাৰৰ স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত অমিক্ৰনৰ এটা নতুন প্ৰকাৰ চিনাক্ত কৰিছে।এই নতুন প্ৰকাৰ বি.এ.১২ বি.এ.২ তকৈ ১০ গুণ বেছি বিপদজনক যিটো দেশত কৰ'নাৰ তৃতীয় ঢৌৰ সময়ত চিনাক্ত কৰা হৈছিল।
আইজিআইএমএছৰ মাইক্ৰ'বায়োলজী বিভাগৰ মুৰব্বী অধ্যাপক ড. নম্ৰতা কুমাৰীয়ে কয়: "বৰ্ধিত ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, আমি কৰ'নাৰ অমিক্ৰন প্ৰকাৰৰ নমুনাৰ জিনম চিকুৱেঞ্চ আৰম্ভ কৰিছিলো। তাত ১৩ টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু তাৰে এটাত বিএ.১২ প্ৰকাৰ আছিল। বাকী ১২ টা নমুনাত বি.এ.২ ষ্ট্ৰেইন আছে।"
তদুপৰি তেওঁ কয়,"আমি কৰ্তৃপক্ষক অমিক্ৰনৰ সকলো পজিতিভ নমুনাক অনুসৰণ কৰিবলৈ কৈছো। বি.এ.১২ প্ৰকাৰটো বি.এ.২ তকৈ ১০ গুণ বেছি বিপদজনক। তথাপিও চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পৰা সুৰক্ষাৰ বাবে মাত্ৰ ভালদৰে সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন"।
Comments