গুৱাহাটী,২৮ এপ্ৰিল:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে আজি অৰ্থাৎ বৃহস্পতিবাৰে আম আদমী পাৰ্টী চমুকৈ আপে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আপে আজি ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলটো । দিছপুৰত আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
পৰ্বতসম মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল দীঘলীপুখুৰীৰ পাৰপেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে । জনতা ভৱনৰ সমীপতে ৰূপায়ণ কৰা আপৰ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আগবাঢ়ি অহাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে ।মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিছপুৰত আম আদমী পাৰ্টীৰ বিক্ষোভআৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি হয় আৰু অৱশেষত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি বাছত উঠাই লৈ যায় । প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে, সাধাৰণ ৰাইজৰ বাবে বাছ নাই যদিও গণতান্ত্ৰিকভাৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আপৰ কৰ্মকৰ্তা সকলক উঠাই নিবলৈ বিজেপি চৰকাৰৰ ওচৰত বাছ আছে ।গুৱাহাটীৰ লগতে ৰাজ্যৰ জিলা সদৰতো আপে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
Comments