Classifieds
View All
গুৱাহাটী,২৮ এপ্ৰিল:মঙলবাৰে নিশা বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ আগতে থাই এয়াৰৱেজৰ এখন বিমানৰ টায়াৰ বিস্ফোৰিত হৈছিল।অৱশ্যে, বিমানখনত থকা প্ৰায় ১৫০ জন যাত্ৰী আৰু কৰ্মচাৰী অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
টিজি ৩২৫ নামৰ এখন বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানে বেংককৰ পৰা উৰা মাৰিছিল আৰু ১১.৩২ বজাত বাংগালুৰুত অৱতৰণ কৰিছিল। অৱতৰণৰ আগতে বিমানখনৰ টায়াৰ ফাটি গৈছিল।
ঘটনাটোৰ পিছত, এয়াৰলাইনছৰ এটা কাৰিকৰী দল বুধবাৰে সন্ধিয়া এটা অতিৰিক্ত চকা লৈ উপস্থিত হৈছিল।এতিয়া, বিমানখন বৃহস্পতিবাৰে, অৰ্থাৎ ২৮ এপ্ৰিলত বাংগালুৰুৰ পৰা বেংককলৈ উৰা মাৰিব।
Comments