গুৱাহাটী,২৮ এপ্ৰিল:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কাৰ্বি আংলংত জনসভা সম্বোধন কৰি থকা সময়তে বৰপেটাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷বৰপেটা আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাসহ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীক টানি টানি বাছত উঠাই আটক কৰি নিয়ে বৰপেটা সদৰ থানালৈ ৷
বাক স্বাধীনতা আৰু গণতন্ত্ৰ ৰক্ষা, ক্ষমতাৰ অপপ্ৰয়োগ বন্ধ কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছে বৃহস্পতিবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে মুখত ক'লা কাপোৰ বান্ধি ৰাজ্যৰ সকলো জিলা সদৰত সাব্যস্ত কৰিছিল মৌন প্ৰতিবাদ ৷ বৰপেটাতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছী নেতা-কৰ্মীয়ে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুজৰাটৰ সন্তান তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফুলৰ মালাৰে অসমলৈ আদৰাৰ সময়তে গুজৰাটৰ আন এজন বিধায়ক জিগনেশ মেৱানীক এখনৰ পিচত আন এখন থানাই ষড়যন্ত্ৰমূলকভাৱে মনে সজা গোচৰত গ্ৰেপ্তাৰ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ তুলি এই প্ৰতিবাদ সাব্যস্ত কৰা কথা জানিবলৈ দিয়ে ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ আটক কংগ্ৰেছ নেতা-কৰ্মীপ্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখেৰে সমদল যাত্ৰা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে ৷ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত টনা আঁজোৰাৰ সৃষ্টি হয় ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বৰপেটা আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক উক্ত স্থানৰ পৰা আটক কৰি বৰপেটা সদৰ থানালৈ লৈ যায় ৷
Comments