গুৱাহাটী,২ মে':জাৰ্মানী অভিমুখে সোমবাৰে ৰাওনা হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ তিনিদিনীয়া ইউৰোপ ভ্ৰমণৰ প্ৰথমদিনাৰ অংশ হিচাপে জাৰ্মানীলৈ বুলি ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ এই কথা টুইটযোগে সদৰি কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে।ভাৰত-জাৰ্মানীৰ মাজত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে মোডীয়ে সোমবাৰে বাৰ্লিনত অনুষ্ঠিত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷
কাৰ্যসূচী অনুসৰি, মোডীয়ে ভাৰত-জাৰ্মানীৰ মাজত অনুষ্ঠিত হ’বলগীয়া ত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্চ’লজৰ সৈতে অংশগ্ৰহণ কৰিব ৷উল্লেখ্য যে, ভাৰতৰ কেৱল জাৰ্মানীৰ সৈতে আইজিচি আছে, যি প্ৰতি দুবছৰৰ মূৰত অনুষ্ঠিত হয় । ইয়াৰ পিছতে এক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই মেজমেলত উপস্থিত থাকিব দুয়োখন দেশৰ শীৰ্ষ তথা মুখ্য কাৰ্যবাহী বিষয়াসকল ৷ আইজিচিৰ পঞ্চম সংখ্যক বৈঠক ২০১৯ চনৰ ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল ।
Comments