গুৱাহাটী,২ মে':উচ্চতম ন্যায়ালয়ে সোমবাৰে ক'ভিড ছিটাকৰণ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিল। আদালতে কৈছিল যে কাকো ছিটাকৰণ কৰিবলৈ চৰকাৰে বাধ্য কৰিব নোৱাৰিব। একে সময়তে, শীৰ্ষতম ন্যায়ালয়ে ছিটাকৰণৰ কু-প্ৰভাৱৰ বিৱৰণ সমূহ চৰকাৰক ৰাজহুৱা কৰিবলৈও নিৰ্দেশ দিছিল। কিছুমান ৰাজ্য চৰকাৰ আৰু সংগঠনে ছিটাকৰণ নকৰা লোকসকলৰ ওপৰত ৰাজহুৱা স্থানত প্ৰৱেশৰ বাবে আৰোপ কৰা চৰ্তাৱলী গ্ৰহণযোগ্য নহয়। বৰ্তমান পৰিস্থিতিত সেইবোৰ প্ৰত্যাহাৰ কৰিব লাগে।
ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে কৈছিল যে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত শাৰীৰিক স্বাধীনতা আৰু অখণ্ডতা সুৰক্ষিত কৰা হৈছে।কিন্তু চৰকাৰে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত এটা নীতি প্ৰস্তুত কৰিব পাৰিব আৰু কিছুমান চৰ্ত আৰোপ কৰিব পাৰিব সেইবুলি ৰাজহুৱা স্থানত ছিটাকৰণ নকৰা লোকসকলৰ প্ৰৱেশৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা উচিত নহয় আৰু যদি আৰোপ কৰা হয়, সেইবোৰ প্ৰত্যাহাৰ কৰিব লাগে।
Comments