গুৱাহাটী,২ মে':আয়ুষ মন্ত্ৰণালয়ে অসম চৰকাৰৰ সহযোগত সোমবাৰে শিৱসাগৰৰ ৰংঘৰ খেলপথাৰত আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিব বুলি ঘোষণা কৰিছে। যোগ উৎসৱৰ বাবে শিৱসাগৰক নিৰ্বাচিত কৰাৰ মূল কাৰণ হৈছে ভাৰত চৰকাৰৰে দেশৰ পাঁচটা পুৰাতাত্ত্বিক স্থানক বিশ্বমানৰ আন্তঃ গাঠনিৰে বিকশিত কৰাৰ পৰিকল্পনা কৰিছে। সেইসমূহ হৈছে ৰাখীগুৰি (হাৰিয়ানা), হস্তিনাপুৰ (উত্তৰ প্ৰদেশ), শিৱসাগৰ (অসম), ধোলাভিৰা (গুজৰাট) আৰু আদিচনাললুৰ (তামিলনাডু)।
ইয়াকে লৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয়,"আমি ৰংঘৰৰ কাষৰ ৭৮ বিঘা মাটি অধিগ্ৰহণ কৰিম আৰু ইয়াৰ ক্ষতি পূৰণ প্ৰদান কৰিম।ইয়াৰ বাবে ৰাজ্য চৰকাৰে ৩০ কোটি টকা ধাৰ্য কৰিছে তাৰোপৰি ইয়াত আমি উন্নত মানৰ প্ৰেক্ষাগৃহ,আখৰা গৃহ আৰু অতিথিশালা নিৰ্মাণ কৰাৰ কথা ভাৱি আছোঁ।তদুপৰি ইয়াত শিশু সকলে খেলিব পৰাকৈ উদ্যান নিৰ্মাণ কৰা হ'ব।"
Comments