গুৱাহাটী,২ মে':ইছলাম ধৰ্মাৱলম্বীৰ কাইলৈ পবিত্ৰ ঈদ। ক'ভিডৰ দুটা বছৰৰ পাছত উলহ-মালহেৰে ঈদ-উল-ফিটৰ উদযাপন বাবে সাজু হৈছে ৰাজ্য ইছলাম ধৰ্মালম্বী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ঈদগাহ, মছজিদ, দৰগাহবোৰ জাক জমকতা, বিভিন্ন আলোকসজ্জাৰে সজায় পৰাই তোলা হৈছে। একেদৰে ঈদৰ বজাৰ সুস্বাদু বিভিন্ন খাদ্যৰে ভৰি পৰিছে। কিন্তু তাৰ মাজতে এইবাৰ মূল্যবৃদ্ধিৰ প্ৰভাৱো পৰিছে ঈদৰ বজাৰত।
ঈদৰ অন্যতম গুৰুত্বপূৰ্ণ খাদ্য ছে’ৱৈ, ড্ৰাই ফ্ৰুইটছৰ মূল্য ৩০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। যাৰ ফলত সামগ্ৰী বিক্ৰী ৩০-৪০% হ্ৰাস পাইছে এইবাৰ এই কথা জানিবলৈ দিয়ে ব্যৱসায়ীসকলে। মহানগৰী ব্যৱসায়ীসকলে জানিব দিয়া মতে বেংগল, বেনাৰস, পাটনা আদিৰ পৰা ছেৱৈ আহিছে। ছেৱৈ বনোৱা সামগ্ৰীসমূহৰ দাম বৃদ্ধি হোৱাৰ লগতে যাতায়তৰ খৰচ বৃদ্ধি পাইছে। প্ৰতি কিলোগ্ৰাম ছেৱৈত ৩০% অধিক মূল্য বৃদ্ধি হৈছে। সম্প্ৰতি বজাৰত প্ৰতিকিলো ছেৱৈ দাম ১০০টকাৰ পৰাৰ আৰম্ভ হৈছে। ঈদৰ সোমবাৰে শেষ বজাৰ যদিও মহানগৰীৰ বজাৰত বৰষুণৰ বাবে গ্ৰাহক সেৰেঙা।
আনহাতে লাখটকীয়া মার্চেন্ট এছ’চিয়েচনৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই কয় যে কোভিডৰ দুটা বছৰৰ পিছত এইবাৰ ঈদ উদযাপনৰ বাবে সকলো ইছলাম ধৰ্মালম্বী লোক উৎসাহী হৈ আছে। কিন্তু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে মধ্যবৃত্ত লোকৰ কষ্ট হৈছে। সকলো বস্তুতে ১৫-৩০% মূল্য বৃদ্ধি হৈছে। ছেৱৈ মূল্য ৩০%, চৰবটৰ মূল্য ২০% , কাপোৰৰ মূল্য ২০% বৃদ্ধি হৈছে। ঠিক একেদৰেই ঈদৰ আন এবিধ জনপ্রিয় খাদ্য বিৰিয়ানিৰ বাবে প্ৰয়োজনীয় দীঘল বাছমতী চাউলৰ দাম ১৫শতাংশ বাঢ়িছে বুলিও সাধাৰণ সম্পাদক শইকীয়াই লগতে কয়। তদুপৰি শুকান ফল-মূল, যেন— কাজু, খিছমিছ, পেস্তা আৰু আলমন্দ বাদাম আদিৰো বৃদ্ধি হৈছে পূৰ্বৰ তুলনাত প্রায় ২০শতাংশ দাম।
শইকীয়াই কয় ‘বয়বস্তুৰ বৰ্দ্ধিত দামে কিছু সমস্যাত পেলাইছে। বস্তু কমকৈ কিনিছোঁ। কিন্তু এইবাৰ আমাৰ সৌভাগ্য যে ঈদৰ নামাজ আমি সকলোৱে একেলগে পাতিব পাৰিম।
Comments