তিনিচুকীয়া: ২ মে’ : তিনিচুকীয়া নগৰৰ বেংপুখুৰী নিৱাসী, বিশিষ্ট সমাজ সেৱক, তিনিচুকীয়াৰ সমাজ জীৱনৰ এগৰাকী অগ্ৰণী ব্যক্তি ৰাজেন বৰুৱাৰ (৭৪) আজি মৃত্যু হয়। প্ৰাক্তন প্ৰশাসনিক বিষয়া, ৰাজনৈতিক নেতা হিচাপে পৰিচিত ৰাজেন বৰুৱাৰ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত পত্নী সহ একমাত্ৰ পুত্ৰ, দুই কন্যা সন্তানসহ বহু আত্মীয় স্বজনক এৰি থৈ গৈছে ৷
উল্লেখযোগ্য যে, ৰাজেন বৰুৱাই শ্বিলঙৰ চেইন্ট এডমাঞ্চ কলেজৰ পৰা স্নাতক উত্তীৰ্ণ হৈ প্ৰথমে খণ্ড উন্নয়ন বিষয়া হিচাপে ১৯৭৫ চনত অবিভক্ত গোৱালপাৰা জিলাৰ আগমণিত যোগদান কৰে ৷ পৰবৰ্তী সময়ত তিনিচুকীয়া জিলাৰ কাকপথাৰ, হাপজান আৰু ডিব্ৰুগড় জিলাৰ বৰবৰুৱাতো খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে ১৯৯৩ চনত তিনিচুকীয়া জিলা স্বাক্ষৰতা অভিযানৰ সচিৱ হিচাপে থাকিও তেখেতে কামকাজ পৰিচালনা কৰিছিল ৷
এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তে চাকৰি এৰি ৰাজেন বৰুৱাই কংগ্ৰেছ দলত যোগদান কৰি ১৯৯৬ চনত শদিয়া বিধান সভা সমষ্টিৰ পৰা অগপৰ জগদীশ ভূঞাৰ বিৰুদ্ধে নিৰ্বাচন খেলি ৰাজনৈতিক জীৱন আৰম্ভ কৰে ৷ অৱশ্যে নিৰ্বাচনত চাৰি হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰি তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) দায়িত্ব পালন কৰি সাংগঠনিক দিশত আগুৱাই নিছিল ৷
কংগ্ৰেছৰ শাসন কালতেই তেখেতে ২০০৩ বৰ্ষত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি হৈ একেৰাহে আঠ বছৰ সুচাৰু ৰূপে কাৰ্যকাল চলাইছিল ৷ পৰবৰ্তী সময়ত কংগ্ৰেছ দল ত্যাগ কৰি ২০১১ বৰ্ষত তৃণমূল কংগ্ৰেছত যোগদান কৰি তিনিচুকীয়া সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও পৰাজিত হয় ৷ইফালে, সমাজ সেৱক ৰাজেন বৰুৱাই সামাজিক কামকাজ আগবঢ়াই নিয়াৰ লক্ষ্যৰে এনজিঅ’ ফ’ৰাম নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ জন্ম দি সমাজৰ বিভিন্ন দিশত কাম কৰি গৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত ২০১৩ বৰ্ষত তেখেতে বিজেপিত যোগদান কৰে ৷
বিজেপিত থকা সময়ত বৰুৱাক ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত তিনিচুকীয়া জিলাৰ শদিয়াৰ প্ৰভাৰি হিচাপে নিযুক্ত হৈ সৰ্বানন্দ সোনোৱালক জয়ী কৰাত বিশেষ ভূমিকা পালন কৰিছিল ৷ তিনিচুকীয়া তাই আহোম চর্চা কেন্দ্ৰৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল। আনহাতে মৃত্যুৰ আগমুহূৰ্তলৈকে তিনিচুকীয়া জিলা বিজেপিৰ আমন্ত্ৰিত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছিল।
তিনিচুকীয়াৰ সমাজ জীৱনত উল্লেখযোগ্য অৱদান থকা ৰাজেন বৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ৷ তেখেতৰ মৃত্যুত তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটি, বিজেপিৰ জিলা সমিতি, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতি, তিনিচুকীয়া প্ৰেছ ক্লাৱ আদি কৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷
Comments