গুৱাহাটী, ৩ মেঃ যদি এজন ব্যক্তিয়ে যিকোনো এটা লক্ষ্য প্ৰাপ্ত কৰিবলৈ সংকল্পবদ্ধ হয়, তেন্তে তেওঁ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সেই লক্ষ্যত উপনীত হ'ব পাৰে। প্ৰতি বছৰে এনে বহুতো প্ৰাৰ্থীয়ে ভাৰতৰ কঠোৰতম সৰ্বভাৰতীয় পৰীক্ষা ইউ.পি.এছ.চি.ত সফলতা লাভ অৰ্জন কৰে, যি অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰে।
ঠিক তেনেদৰে, এগৰাকী বিশেষ যুৱতী হৈছে আই এ এছ বিষয়া নমিতা শৰ্মা, যাৰ বাবে ইউ পি এছ চিৰ যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। তেওঁ বহুবাৰ অসামৰিক সেৱাত বিফলতাৰ সন্মুখীন হ'ব লগা হৈছে, কিন্তু তেওঁ হাৰ নামানি অন্তিম প্ৰচেষ্টালৈ চেষ্টা অব্যাহত ৰাখি লক্ষ্য প্ৰাপ্ত কৰাৰ পিছতহে ক্ষান্ত হৈছে। তেওঁৰ কাহিনী সকলোৰে বাবে অনুপ্ৰেৰণাদায়ক।
নমিতা শৰ্মাৰ ইউ পি এছ চি যাত্ৰা বহুত দীঘলীয়া আছিল, য'ত তেওঁ বহুবাৰ বিফল হ'ব লগা হৈছে। সকলোৱে জানি আচৰিত হ'ব যে, নমিতাই অসামৰিক সেৱাত ৫ বাৰ বিফল হৈছে। বেছিভাগ লোকে ইমান বাৰ বিফল হোৱাৰ পিছত আশা এৰি দিয়ে, কিন্তু নমিতাই দৃঢ় প্ৰতিজ্ঞ আছিল যে তেওঁ এগৰাকী আই এ এছ বিষয়া হ'ব।
তেওঁৰ এই আবেগ তেওঁৰ শক্তিলৈ ৰূপান্তৰিত হৈ পৰে আৰু একেৰাহে কঠোৰ পৰিশ্ৰম কৰাৰ বাবে সকলোৰে বাবে অনুপ্ৰেৰণাও হৈ পৰিছে। এনেদৰে প্ৰায় ৭ বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত, তেওঁ ইয়াৰ সুফল লাভ কৰে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এই সংগ্ৰামৰ যাত্ৰাৰ সময়ত, তেওঁ ধৈৰ্য্যক আটাইতকৈ ডাঙৰ অস্ত্ৰ কৰি তুলিছে।
নমিতা শৰ্মাই বিশ্বাস কৰে যে, "প্ৰথমে সকলোৱে এটা উন্নত ৰণনীতিৰে প্ৰস্তুত হোৱা উচিত। সময় ব্যৱস্থাপনাৰ বিশেষ যত্ন ল'ব আৰু সময়ৰ অনুসূচী অনুসৰি প্ৰাৰ্থী সকলে ৰণনীতি ৰূপায়ণ কৰিব। মই বিশ্বাস কৰোঁ যে কেতিয়াবা ইয়াত বহু বছৰ ধৰি বিফলতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই।
প্ৰতিবাৰেই অধিক উৎসাহেৰে প্ৰস্তুতি চলাই নিব লাগে আৰু পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। শেষ প্ৰচেষ্টালৈকে আশা এৰি দিব নালাগে আৰু সকলো কঠোৰ পৰিশ্ৰমৰ সৈতে চেষ্টা কৰি থাকিব লাগে। যদি মানুহে যোগাত্মক দৃষ্টি ভংগীৰে এই সকলোবোৰ কৰিব পাৰে তেন্তে সফলতাই নিজে আহি কাষ চাপিব।
Comments