গুৱাহাটী,৩ মে':ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অৰুণ লালে ২ মে'ত এক ব্যক্তিগত অনুষ্ঠানত বুলবুল সাহাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ৬৭ বৰ্ষীয় অৰুণ লালে নিজতকৈ ২৮ বছৰ সৰু বুলবুলক কলকাতাৰ এখন ব্যক্তিগত হোটেলত বিবাহ কৰায়।দম্পতীহালৰ বিবাহ অনুষ্ঠানৰ ফটোবোৰ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। লালে তেওঁৰ প্ৰথম পত্নী ৰীনাৰ সৈতে স্বাস্থ্যৰ অসুবিধাৰ বাবে পৃথক হৈছিল আৰু দ্বিতীয় বিবাহৰ বাবে আদালতৰ পৰা সন্মতি পাইছিল।প্ৰাক্তন ক্ৰিকেটাৰ অৰুণ লাল আৰু বুলবুলে বিবাহৰ পিছতো ৰীনাৰ যত্ন ল'ব বুলি প্ৰকাশ পাইছে।
২৬ এপ্ৰিলত হৈ যোৱা তেওঁলোকৰ হালধি অনুষ্ঠানৰ ফটোও কিছুদিন আগতে ভাইৰেল হৈ পৰিছিল।অৰুণ আৰু বুলবুল দুয়োকে ছবিবোৰত যথেষ্ট স্ফুৰ্তি কৰি থকা দেখা পোৱা গৈছিল আনহাতে তেওঁলোকৰ নিমন্ত্ৰণ কাৰ্ডৰ ফটোও ভাইৰেল হৈছিল। ইফালে, বুলবুল সাহাই প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ সৈতে বিবাহৰ ফটো শ্বেয়াৰ কৰে।উক্ত অনুষ্ঠানটোত তেওঁলোক দুয়োজনৰ পৰিয়ালৰ সদস্য উপস্থিত থকাৰ লগতে উপস্থিত আছিল কেইজনমান প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ।
Comments