গুৱাহাটী,১ মে': ৰাজস্থানৰ জয়ছলমেৰ জিলাত কুলধাৰা নামৰ এখন পৰিত্যক্ত চহৰ আছে । ১৩ শতিকাত ইয়াক স্থাপন কৰাৰ পিছতেই ১৯ শতিকাৰ পৰা গাওঁবাসীয়ে গাঁওখন পৰিত্যাগ কৰে আৰু তেতিয়াৰ পৰাই ই নিৰ্জন অৱস্থাত আছে।
এই চহৰখনৰ একমাত্ৰ বাসিন্দা হৈছে এজন ৮২ বছৰীয়া দুৱাৰৰক্ষক যিয়ে এই ঠাইখনক পহৰা দিয়ে । তেওঁৰ প্ৰথম প্ৰেম কাহিনীয়ে এতিয়া ইণ্টাৰনেটত খলকনিৰ সৃষ্টি কৰিছে ।
তেওঁ নিজৰ প্ৰেমৰ কথা বৰ্ণনা কৰি কৈছিল যে: "এয়া ১৯৭০ চনৰ কথা মোৰ তেতিয়া ৩০ বছৰ হৈছিল আৰু মই প্ৰথমে মেৰিনাক লগ পাইছিলো । তাই অষ্ট্ৰেলিয়াৰ পৰা ইয়ালৈ আহিছিল,সেই সময়ত প্ৰথম দৃশ্যত প্ৰেমত পৰাটো সঁচাকৈয়ে সম্ভৱ আছিল " । তেওঁ লগতে কয় যে দুয়োজনে সমানে প্ৰেমত পৰিছিল । "গোটেই ভ্ৰমণত, আমি ইজনে সিজনৰ পৰা চকু আঁতৰাই আনিব পৰা নাছিলো। অষ্ট্ৰেলিয়ালৈ যোৱাৰ আগতে, মেৰিনাই মোক কৈছিল মই আপোনাক ভাল পাওঁ " । মেৰিনাই আচলতে পাঁচ দিনীয়া ভ্ৰমণৰ বাবে ৰাজস্থানলৈ আহিছিল আৰু তেওঁ তাইক উট চলাবলৈ শিকাইছিল।
পিছত মেৰিনা অষ্ট্ৰেলিয়ালৈ উভতি গৈছিল, কিন্তু তেওঁৰ সৈতে যোগাযোগ ৰাখিছিল। তাই আনকি তেওঁক অষ্ট্ৰেলিয়ালৈ আমন্ত্ৰণ জনাইছিল । দুৱাৰৰক্ষক জনে স্মৰণ কৰিছিল যে তেওঁ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ৩০,০০০ টকা সংগ্ৰহ কৰিছিল আৰু অষ্ট্ৰেলিয়ালৈ গৈছিল। তেওঁ তিনি মাহৰ বাবে মেৰিনাৰ সৈতে আছিল। কিন্তু যেতিয়া মেৰিনাই তেওঁক বিয়া কৰিবলৈ কৈছিল তেতিয়াহে বস্তুবোৰ জটিল হৈ পৰিছিল।
তেওঁ কয় যে: "মই মোৰ মাতৃভূমি এৰিবলৈ সাজু নাছিলো আৰু মেৰিনা ভাৰতলৈ আহিবলৈ সাজু নাছিল।" তেওঁ এইটোও কৈছিল যে তেওঁ ভাৰতলৈ ঘূৰি আহিবৰ দিনা মেৰিনাই বৰকৈ কান্দিছিল ।বিধিৰ বিপাকত তেওঁ অন্য এগৰাকী মহিলাক বিয়া কৰিছিল আৰু কুলধাৰাৰ চাকৰিটো লৈছিল। তেওঁ আৰু তেওঁৰ পত্নীয়ে দুজন পুত্ৰ সন্তানৰ জন্ম দিছিল।
কিন্তু কাহিনীটো ইয়াতেই শেষ হোৱা নাছিল। দুমাহ আগতে মেৰিনাই তেওঁলৈ এখন চিঠি পঠিয়াইছিল। তাত মেৰিনাই প্ৰকাশ কৰিছিল যে তেওঁ কেতিয়াও বিয়া কৰোৱা নাছিল,তেওঁ সদায় তেখেতৰ অপেক্ষাত আছিল ।দুৱাৰৰক্ষী আৰু মেৰিনাৰ এই প্ৰেম কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰিছে ।
Comments