গুৱাহাটী,১ মে':জাপানৰ অকিগাহাৰা অৰণ্য, যাক গছৰ সাগৰ(See of Trees) বুলিও কোৱা হয়, সেই অৰণ্যখন আছে টকিঅ'ৰ পশ্চিম দিশে থকা ফুজি পৰ্বতৰ কাষত।অৰণ্যৰ প্ৰৱেশদ্বাৰত থকা এটা চিহ্নই দৰ্শনাৰ্থীসকলক সোঁৱৰাই দিয়ে যে তেওঁলোক হৈছে নিজৰ পিতৃ-মাতৃৰ এটা মূল্যৱান উপহাৰ। তদুপৰি তাত লিখা আছে,"আপোনাৰ পিতৃ-মাতৃ, ভাই-ভনী বা নিজৰ সন্তানৰ কথা আৰু এবাৰ ভাৱক।"
১৯৬০ চনত প্ৰকাশিত জাপানী লেখিকা চেইচো মাৎসুমোটোৰ এখন জনপ্ৰিয় উপন্যাসত মূল নায়িকাই আত্মহত্যা কৰিবলৈ এইখন অৰণ্যলৈ যোৱাৰ কথা উল্লেখ আছিল।শেহতীয়াকৈ ২০১৬ চনত আমেৰিকাৰ ভৌতিক চলচ্চিত্ৰ "দ্য ফৰেষ্ট"ত এগৰাকী মহিলাই তেওঁৰ যমজ ভগ্নীক বিচাৰি সেই অৰণ্যলৈ গৈছিল য'ত তেওঁলোক ৰহস্যজনকভাৱে অদৃশ্য হৈ গৈছিল। অকিগাহাৰাত মোবাইলৰ নেটৱৰ্ক আৰু কম্পাছে ভুল চিহ্ন দেখুৱায়৷ অত্যন্ত ঘন অৰণ্যৰ বাবে ইয়াত বিভিন্ন ৰাসায়নিক বিক্ৰিয়া হয় যিয়ে মানুহক অস্বস্তিত পেলায়।
স্থানীয় চৰকাৰৰ এক প্ৰতিবেদন অনুসৰি ২০১৩ ৰ পৰা ২০১৫ চনৰ ভিতৰত আকিগাহাৰাত ১০০ ৰো অধিক লোকে আত্মহত্যা কৰিছিল।দেশৰ স্বাস্থ্য, শ্ৰম আৰু কল্যাণ মন্ত্ৰালয়ৰ মতে কেৱল ২০১৫ চনতেই জাপানত প্ৰায় ২৪,০০০ লোকে আত্মহত্যা কৰিছিল।
বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি অনুসন্ধান চলাই আহিছে যে কিয় কিছুমানে আত্মহত্যা কৰিবলৈ সেই অৰণ্য খনলৈ আহিবলৈ পচন্দ কৰে। তিনি দশকৰ আগতে,এজন জাপানী মনোৰোগ বিশেষজ্ঞই অকিগাহাৰাৰ পৰা উদ্ধাৰ হোৱা কেইজনমানলোকৰ সাক্ষাৎকাৰ প্ৰকাশ কৰিছিল,তেওঁলোকে কৈছিল অৰণ্যৰ মাজত কোনেও লক্ষ্য নকৰাকৈ সফলতাৰে মৃত্যুবৰণ কৰিব পাৰি।
কিছুমান মানুহে সেইবাবে বিশ্বাস কৰিছিল যে ইয়াত আত্মহত্যা কৰা লোক সকলৰ আত্মাৰ দ্বাৰা অৰণ্যখন ভয়াৱহ হৈ উঠিছে। 'য়ুৰেই' বোলা এই আত্মাবোৰে সেই দৰ্শনাৰ্থীসকলক আত্মহত্যাৰ বাবে প্ৰলোভিত আৰু যাতনা দিয়ে৷ যিসকল দুখী আৰু অৰণ্যত তেওঁলোকৰ পথ হেৰুৱায় তেওঁলোকক সিহঁতে মাৰি পেলায়।
Comments