গুৱাহাটী,১ মে ':তাঞ্জানিয়াৰ জনপ্ৰিয় ইউটিউবাৰ তথা ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰ কিল পলক গৃহ চহৰত অচিনাক্ত যুৱকৰ দলে উপৰ্যুপৰি চুৰিৰে আক্ৰমণ কৰাৰ লগতে লাঠিৰে প্ৰহাৰ কৰে।কিল পল আৰু তেওঁৰ ভগ্নী নীমা পল হৈছে সামাজিক মাধ্যমৰ আটাইতকৈ বেছি অনুৰাগী থকা তাঞ্জানিয়াৰ ইনফ্লুৱেঞ্চাৰ।বহুতো হিন্দী জনপ্ৰিয় গানৰ ৰিলছ বনাই তেওঁলোক দুয়ো ভাৰতত বেছ জনপ্ৰিয়।
ঘটনা অনুযায়ী পাঁচজন ব্যক্তিয়ে কিলক আচম্বিতে চুৰিৰে আক্ৰমণ কৰিছিল আৰু লাঠিৰে প্ৰহাৰ কৰিছিল। ঘটনাটো সংঘটিত কৰিয়েই ব্যক্তি কেইজনে পলাই যাবলৈ সক্ষম হৈছিল৷ দুৰ্ভাগ্যজনক ভাৱে কিলৰ হাতত ৫ টা চিলাই পৰিছিল। ইনষ্টাগ্ৰামত এই খবৰ প্ৰকাশ কৰি কিলে লিখিছিল,"মোক ৫ জন লোকে আক্ৰমণ কৰিছিল,মোৰ সোঁহাতৰ আঙুলিটোত চুৰিৰে আঘাত কৰা হৈছিল কিন্তু ভগৱানক ধন্যবাদ জনাও যে মই জীয়াই আছোঁ। আপোনালোক সকলোৱে মোৰ বাবে প্ৰাৰ্থনা কৰক।"
Comments