গুৱাহাটী, ২ মেঃ মুম্বাইৰ পৰা পশ্চিম বংগৰ দুৰ্গাপুৰলৈ যোৱা স্পাইচজেটৰ বিমানখন হঠাতে ধুমুহাৰ মাজত আৱদ্ধ হৈ পৰে। বিমানখন দুৰ্গাপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ধুমুহাৰ সন্মুখীন হ'বলগীয়া হয়। যাৰ বাবে বিমানখনৰ কেবিনৰ পৰা লাগেজ পৰিবলৈ আৰম্ভ কৰে।
এই দুৰ্ঘটনাত ৪০ জন যাত্ৰী আহত হৈছে। সৌভাগ্যক্ৰমে, পাইলটজনে বিমানবন্দৰত বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰে। আটাইকেইজন আহত যাত্ৰীক বিমানবন্দৰত চিকিৎসা কৰা হৈছে। বিমানখনত মুঠ ১৮৫ গৰাকী যাত্ৰী আছিল।
স্পাইচজেটৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, "বোয়িং বি-৭৩৭ বিমানখনে সুৰক্ষিত অৱতৰণ কৰিবলৈ সক্ষম হৈছে আৰু আহতসকলক চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে। প্ৰয়োজন অনুসৰি যাত্ৰীসকলক নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
পশ্চিম বংগৰ প্ৰতিকূল বতৰৰ বাবে, বিমানখনত বিশৃংখলতা সৃষ্টি হোৱাৰ সময়ত পাইলটজনে চিট বেল্ট পিন্ধিবলৈ এটা চিহ্ন দিয়ে। সূত্ৰ অনুসৰি, বয়-বস্তুৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত কিছুযাত্ৰী সংখ্যক যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে।"
স্পাইচজেটে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে দুঃখ প্ৰকাশ কৰাৰ লগতে আহতসকলক সকলো সম্ভৱ চিকিৎসা সহায় আগবঢ়াইছে। স্পাইচজেটৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি, বিমানখন বৰ্তমান দুৰ্গাপুৰ বিমানবন্দৰত আছে।
Comments