গুৱাহাটী,৩ মে':৯ মে’ত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ৷ শ্বাহৰ দুদিনীয়া অসম ভ্ৰমণৰ বিষয়ে মঙলবাৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সুকলমে পাৰ কৰিলে এটা বছৰ ৷
ৰাজ্য চৰকাৰৰ বৰ্ষপুতিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ৷কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী অনুসৰি, ৯ মে’ত অসমত উপস্থিত হোৱাৰ পিছতে অংশগ্ৰহণ কৰিব বিএছএফৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৷ একেদিনাই সন্ধিয়া উদ্বোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন ৷
আনহাতে, দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ১০ মে'ত অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক প্ৰদান কৰিব "ৰাষ্ট্ৰপতিৰ কালাৰ" সন্মান ৷ পৰৱৰ্তী সময়ত দিনৰ ১.৩০ বজাত মন্ত্ৰীগৰাকীয়ে এখন দলীয় সমাৱেশত অংশগ্ৰহণ কৰিব ৷ তদুপৰি বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৷
Comments