গুৱাহাটী,৪ মে':কেইবাটাও কাৰ্যসূচী হাতত লৈ মঙলবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ উল্লেখ্য যে তামুলপুৰত আজি অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কোবিন্দ ৷
ইতিমধ্যে ৰাষ্ট্ৰপতিক আদৰিবলৈ তামুলপুৰত চলিছে ব্যাপক আয়োজন ৷দিনৰ প্ৰায় ডেৰ বজাত ৰাষ্ট্ৰপতিগৰাকীয়ে তামুলপুৰৰ উক্ত অনুষ্ঠানত ভাগ লৈ গুৱাহাটীলৈ উভতি আহিব ৷ বিয়লি চাৰি বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে মুকলি কৰিব ড’নাৰ মন্ত্ৰণালয়ে আয়োজন কৰা উত্তৰ-পূৱ সমাৰোহ ৷ এই সমাৰোহৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা ৷উত্তৰ-পূৱ সমাৰোহ উদ্বোধন কৰাৰ পিছত বুধবাৰৰ নিশাটোও কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাতে কটাই বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰপতি কোবিন্দ মিজোৰামলৈ ৰাওনা হ’ব ৷ মিজোৰামত কেইবাটাও অনুষ্ঠানত ভাগ লৈ ৬ মে’ত ৰাষ্ট্ৰপতিগৰাকী উভতিব দিল্লীলৈ ৷
Comments