Cartoon
View Older
গুৱাহাটী,৪ মে':এইবাৰ বিদ্যালয়ত পাঠদান কৰা হ’ব ভাগৱৎ গীতা আৰু ৰামায়ণ । এই কথা জনাইছে উত্তৰাখণ্ডৰ শিক্ষামন্ত্রী ধন সিং ৰাৱতে । কেৱল সেয়াই নহয়, বিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত হ’ব বেদো । ইয়াৰ উপৰি, ৰাজ্যৰ ইতিহাস সম্পৰ্কত আৰু বিস্তাৰিত তথ্য থাকিব পাঠ্যক্ৰমত ।
কেন্দ্রৰ নতুন শিক্ষানীতিৰ প্রশংসা কৰি উত্তৰাখণ্ডৰ শিক্ষামন্ত্রীয়ে কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত পাঠ্যক্ৰমৰ ৪০ শতাংশ বিষয় নির্ধাৰণৰ স্বাধীনতা ৰাজ্যসমূহৰ হাতত আছে । লগতে, ভাৰতৰ ইতিহাস আৰু সংস্কৃতিকো দাঙি ধৰাৰ চেষ্টা কৰা হৈছে ।উল্লেখ্য, বিগত মার্চত স্কুলৰ পাঠ্যক্রমত ভাগৱৎ গীতাক সংলগ্ন কৰিছে গুজৰাটে । গুজৰাটৰ ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীৰ পাঠ্যক্ৰমৰ অংশ হিচাপে পঢ়োৱা হ’ব ধর্মগ্রন্থখন ।
Comments