গুৱাহাটী, ৫ মেঃ ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে মুম্বাইত এখন ক্ৰিকেট একাডেমী স্থাপনৰ বাবে ৩৩ বছৰ আগতে তেওঁক আৱণ্টন কৰা চৰকাৰী ভূমি মহাৰাষ্ট্ৰ চৰকাৰক ঘূৰাই দিয়ে।
মহাৰাষ্ট্ৰৰ গৃহ নিৰ্মাণ মন্ত্ৰী জিতেন্দ্ৰ আৱাদে যোৱা বছৰ উপনগৰীয় বান্দ্ৰা অঞ্চলত সুনীল গাভাস্কাৰক আৱণ্টন কৰা প্লটটো ব্যৱহাৰ নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে।
গৃহ নিৰ্মাণ মন্ত্ৰী জিতেন্দ্ৰ আৱাদে কয় যে, "এই প্লটটোত এখন ক্ৰিকেট একাডেমী স্থাপন কৰাৰ কথা আছিল, কিন্তু তিনি দশকৰ পাছতো গাভাস্কাৰে এনে কৰিব নোৱাৰিলে।"
আৱাদে এইটোও নিশ্চিত কৰিছ যে, সুনীল গাভাস্কাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ চিঠি লিখি তেওঁক জনাইছে যে, "মই বহু বছৰ আগতে বান্দ্ৰাত গাভাস্কাৰক দিয়া ভূমিত এখন ক্ৰিকেট একাডেমী স্থাপন কৰিবলৈ কৈছিলোঁ, কিন্তু তেওঁ সক্ষম নহ'ল।"
ইয়াৰ পূৰ্বে, সুনীল গাভাস্কাৰে শচীন তেণ্ডুলকাৰৰ সৈতে এখন ক্ৰিকেট একাডেমী স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কাষ চাপিছে, কিন্তু ইয়াক কাৰ্যকৰী কৰিব পৰা নগ'ল। এতিয়া, মহাৰাষ্ট্ৰ হাউচিং এণ্ড এৰিয়া ডেভেলপমেণ্ট অথৰিটিয়ে (এমএইচএডিএ) গাভাস্কাৰক প্লটটো ঘূৰাই দিবলৈ অনুৰোধ কৰিছে।
Comments