গুৱাহাটী,৪ মে':অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া ফিনবিৰ’ত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। ভাৰতীয় সেনা তথা অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হৈছে এই মাৰণাস্ত্ৰ।বিগত দুদিনৰ পৰা মাৰ্ঘেৰিটা মহকুমা লেখাপানীস্থিত ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা দলে যুটীয়াভাৱে অৰুণাচল প্ৰদেশৰ মানমৌ আৰক্ষী থানাৰ অন্তৰ্গত ফিনবিৰ’ৰ গভীৰ অৰণ্যত উগ্ৰপন্থী বিৰোধী চলোৱা অভিযানত ফিনবিৰ’ অৰণ্যৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্রৰ লগতে বহু পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে।
এই অভিযানত উদ্ধাৰ হোৱা অস্ত্র-শস্ত্র সমূহৰ ভিতৰত আছে ক্ৰমে এটা এ কে ৫৬ ৰাইফল, চাৰি জাঁই সজীৱ গুলি, দুটা চিংগেল শ্বট গান, এটা পিষ্টল, এটা মেগজিন, ৩ জাঁই সজীৱ গুলি, ৪৫০ গ্রাম বিস্ফোৰক সমগ্রী, লগতে ৪০ গ্রাম নিষিদ্ধ ড্ৰাগছ।উল্লেখ্য যে, এন এচ চি এন (কেৱাই এ) ৰ চাৰজেণ্ট কৰ্ণেল মাকাম হাচেঙৰ উপস্থিতিত লাভ কৰা তথ্যৰ ভিত্তিতেই এই মাৰণাস্ত্ৰ উদ্ধাৰ হয়। এই অস্ত্ৰ সমূহ মানমৌ আৰক্ষীক গটাই দিয়া হয়।
Comments