গুৱাহাটী,৪ মে':ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি অসমৰ তামুলপুৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰি নিজৰ ভাষণ ৰাখে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় ৰূপে পৰিগণিত হ'ল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি কোবিন্দে বড়ো ভাষা, সংস্কৃতি আৰু সাহিত্য শক্তিশালী কৰাৰ বাবে বিগত ৭০ বছৰে বড়ো সাহিত্য সভাই তেওঁলোকৰ অমূল্য অৱদান আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে।
'তেওঁ লগতে কৈছিল যে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক-সভাপতি জয় ভদ্ৰ হাগজাৰ আৰু সাধাৰণ সম্পাদক সোণাৰাম থওঁছনে বড়ো ভাষাৰ স্বীকৃতিৰ বাবে প্ৰশংসনীয় প্ৰচেষ্টা চলাইছিল। এই সভাই বিদ্যালয় শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষা ব্যৱহাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু উচ্চ শিক্ষাত স্থান লাভ কৰিছে।"ৰাষ্ট্ৰপতিয়ে লগতে কৈছিল যে এতিয়ালৈকে ১৭ জন লেখকক বড়ো ভাষাত তেওঁলোকৰ কামৰ বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে।তেওঁ লগতে উল্লেখ কৰে যে দুজন জ্যেষ্ঠ মহিলা বড়ো লেখকে তেওঁলোকৰ কামৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। সেয়েহে, ৰাষ্ট্ৰপতি কোবিন্দে অধিক মহিলা লেখক আৰু যুৱ লেখিকাক উৎসাহিত কৰিবলৈ 'বড়ো সাহিত্য সভা'ক আহ্বান জনায়।
Comments