গুৱাহাটী,৪ মে ':আকৌ এখন নতুন টোল গেট ৷ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ এইবাৰ আকৌ টোল গেটে মাধমাৰ শোধাবলৈ সাজু হৈছে ৰাজ্যবাসীক ৷ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ সম্পূৰ্ণ হ'লেই আৰম্ভ হ'ব টোল টেক্স সংগ্ৰহৰ কাম ৷
এইবাৰ কলিয়াবৰ মহকুমাৰ চুলুঙত নিৰ্মীয়মান অৱস্থাত আছে আৰু এখন নতুন টোলগেট। নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ সংযোগী পথৰ চুলুঙত স্থাপন কৰা হৈছে এই টোলগেটখন ৷ নিৰ্মীয়মান অৱস্থাত থকা এই টোলগেটখনে পুনৰ যে ৰাজ্যবাসীৰ বাবে মূৰৰ কামোৰণি হৈ উঠিব, সেয়া খাটাং ।
গতিকে, নগাঁও জিলাৰ কলিয়াবৰ হৈ আপুনি যদি তেজপুৰ বা উত্তৰপাৰলৈ যাব খুজিছে, তেন্তে সাজু হওক অধিক ধন ভৰিবলৈ । সম্ভৱত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত অৱস্থাত থকা দ্বিতীয়খন কলিয়াভোমোৰা দলং সম্পূৰ্ণ হোৱাৰ পাচত এই টোলগেটত টোল টেক্স আদায়ৰ পিছতহে উত্তৰপাৰলৈ যাব পাৰিব ৷ অনুৰূপধৰণে দক্ষিণপাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে আন স্থানলৈ যাব পাৰিব কোনো লোকে ।
Comments