গুৱাহাটী,৪ মে': ছলমান খানৰ ভগ্নী অৰ্পিতাৰ লগতে ভনী জোঁৱাই আয়ুষ শৰ্মাৰ ঈদ পাৰ্টিত উপস্থিত থকা চেলিব্ৰিটিসকলৰ ভিতৰত শ্বেহনাজ গিল আছিল অন্যতম। বিগ বছৰ এগৰাকী প্ৰাক্তন কণ্টেষ্টেণ্ট শ্বেহনাজ গিলে ছলমান খানক যথেষ্ট ভাল পায় আৰু টেলিভিছন মাধ্যমৰ জৰিয়তে দেখা পোৱা আন্তৰিকতাৰে উমান কৰিব পাৰি যে ছলমান খানেও গিলক যথেষ্ট মৰম কৰে।
সম্মানেৰে বান্ধ খাই থকা দুয়োৰে এই সম্পৰ্কক অনুৰাগী সকলে যথেষ্ট আদৰ কৰে।শ্বেহনাজ গিলে আনকি ছলমানক বিদায়ৰ পৰত আলিঙ্গন কৰাও দেখা পোৱা গৈছিল।যেতিয়া তেওঁলোকে ফটোছেশ্যনৰ বাবে একেলগে পোজ দিছিল তেতিয়া শ্বেহনাজ অলপ আৱেগিক হৈ পৰিছিল আৰু ছলমানক সাৱটি ধৰিছিল। ছলমানে তাইক কৈছিল, “যোৱা পঞ্জাৱৰ কেটৰিনা কাইফ।”
কেইদিনমান আগতে, শ্বেহনাজ গিলে ছলমান খানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে এক বাৰ্তালাপ অনুষ্ঠানত স্পষ্টকৈ কৈছিল যে তেওঁ মানুহে ভবাৰ দৰে ক্ল'জ নহয়।শ্বেহনাজে শ্বেয়াৰ কৰিছিল যে তেওঁ ছলমানক ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাই আৰু কৈছিল যে তেওঁ সদায় শ্বেহনাজৰ বাবে ‘ছলমান ছাৰ’ হৈ থাকিব।
Comments