গুৱাহাটী,৪ মে ':তামুলপুৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনত মুখ্য অতিথি ৰূপে আজি উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ কেইবাটাও কাৰ্যসূচী হাতত লৈ মঙলবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷
তামুলপুৰৰ পৰা আহি ৰাষ্ট্ৰপতিয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কৰিলে ড’নাৰ মন্ত্ৰণালয়ে আয়োজন কৰা উত্তৰ-পূৱ সমাৰোহৰ ৷ এই সমাৰোহৰত উপস্থিত থাকে কেন্দ্ৰীয় ড‘নাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মা ৷
তাৰপিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশক সম্বোধন কৰি কয়,"বিগত ৭৫ বছৰত আমি উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰণৰ বাবে যথেষ্ট চেষ্টা আৰু কষ্ট কৰিছোঁ। স্বাধীনতাৰ পিছত পৰিস্থিতি সম্পূৰ্ণ পৃথক আছিল। জলপথ,স্থল পথ,আকাশী পথৰ সংযোগ বৃদ্ধি কৰা হৈছে।বিগত ৫ বছৰত ৰে'ল পথৰ যথেষ্ট উন্নয়ন হৈছে।আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজধানী চহৰ ৰে'লেৰে সংযোগ কৰিম।"উত্তৰ-পূৱ সমাৰোহ উদ্বোধন কৰাৰ পিছত বুধবাৰৰ নিশাটোও কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাতে কটাই বৃহস্পতিবাৰে পুৱাই ৰাষ্ট্ৰপতি কোবিন্দ মিজোৰামলৈ ৰাওনা হ’ব ৷ মিজোৰামত কেইবাটাও অনুষ্ঠানত ভাগ লৈ ৬ মে’ত ৰাষ্ট্ৰপতিগৰাকী উভতিব দিল্লীলৈ ৷
Comments