গুৱাহাটী, ৫ মেঃ চুপাৰষ্টাৰ ছলমান খানৰ ভগ্নী অৰ্পিতা খান আৰু তেওঁৰ স্বামী আয়ুষ শৰ্মাই মঙলবাৰে এক বিশাল ঈদৰ পাৰ্টিৰ আয়োজন কৰে। য'ত বহুতো প্ৰবীণ তাৰকা উপস্থিত থাকে। উপস্থিত অতিথি দলৰ ফটো আৰু ভিডিঅ'বোৰ ইণ্টাৰনেটত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে, য'ত কংগনা ৰাণাৱত, ৰণবীৰ সিং, কৰিশ্মা কাপুৰ, জেকলিন ফাৰ্ণাণ্ডেজ, কিয়াৰা আদৱানী, সিদ্ধাৰ্থ মালহোত্ৰা আৰু শ্বাহনাজ গিলকে ধৰি বহুতো তাৰকাক দেখা গৈছে, কিন্তু আচৰিত কথাটো হ'ল এই তাৰকাৰ দলটোত ছলমানৰ একালৰ প্ৰিয় অভিনেত্রী কেটৰিনা কাইফক দেখা পোৱা নগ'ল।
ছলমান খান আৰু তেওঁৰ ভগ্নী অৰ্পিতাৰ সৈতে কেটৰিনা কাইফৰ খুব ভাল সম্পৰ্ক আছে। তেওঁক যোৱা কেইবাবছৰ ধৰি ঈদৰ পাৰ্টিত উপস্থিত থকা দেখা গৈছে, কিন্তু এইবাৰ তেওঁ পাৰ্টিত উপস্থিত থকা নাই। তেন্তে অৰ্পিতাই তেওঁক নিমন্ত্ৰণ কৰা নাই নেকি বুলি বহুতো অনুৰাগীৰ মনত প্ৰশ্নৰ উদয় হৈছে। কিন্তু প্ৰকৃততে এনে নহয়। পাৰ্টিত কেটৰিনাৰ অনুপস্থিতিৰ কাৰণটো আন কিবাহে আছিল।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, ঈদত কেটৰিনা মুম্বাইত উপস্থিত নাছিল। স্বামী বিকি কৌশলৰ সৈতে দিল্লীত আছে কাটৰিনা, য'ত কেটৰিনাই নতুন চলচ্চিত্ৰ এখনৰ দৃশ্যগ্ৰহণ কৰি আছে। সম্ভৱতঃ এইটো কাৰণতেই কেটৰিনা ছলমান খানৰ ঈদৰ পাৰ্টিত উপস্থিত থাকিব নোৱাৰিলে।
Comments