গুৱাহাটী,৫ মে':টাইগাৰ শ্ৰফ আৰু তাৰা সুতাৰিয়া অভিনীত “হিৰোপন্তি ২” ছবিখনে শুক্ৰবাৰে মুক্তি লাভ কৰিছে। এই ছবিখনত, টাইগাৰ শ্ৰফক প্ৰচণ্ড একচনত দেখা গৈছে। শেহতীয়াকৈ, অভিনেতা গৰাকীয়ে এই ছবিখন প্ৰচাৰৰ সময়ত ছবিখনৰেই এটি সংলাপ “ছোটি বচ্ছী হো ক্যা” বুলি কৈছিল, যাৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত যথেষ্ট হাৰত ভাইৰেল হৈ পৰিছে। এটি সাক্ষাৎকাৰৰ যোগে অভিনেতাগৰাকী এই সংলাপটিক লৈ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
ই-টাইমছৰ এক প্ৰতিবেদন অনুসৰি, টাইগাৰ শ্ৰফে কয় যে, তেওঁ নাজানে ৰাইজে এই সংলাপৰ প্ৰতি কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু তেওঁ “হিৰোপন্তি ২” ৰ প্ৰচাৰৰ সময়ত এই সংলাপটো কৈছিল। যাৰ বাবে তেওঁৰ ছবিখনৰ প্ৰচাৰে এক নতুন দিশ লাভ কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে, একচন আৰু ৰোমাঞ্চেৰে পৰিপূৰ্ণ এই ছবিখনত, টাইগাৰ শ্ৰফে বাবলু নামে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ লগতে অভিনেত্ৰী তাৰা চুটাৰিয়াই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও, অভিনেতা নৱাজুদ্দিন চিদ্দিকীয়ে মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। আহমেদ খানৰ দ্বাৰা পৰিচালিত এই ছবিখন চাজিদ নাদিয়াদৱালা ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে।
Comments