গুৱাহাটী,৫ মে ':৪ মে'ত হৈ যোৱা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম চেন্নাই চুপাৰ কিংছৰ খেলখনত ক্ৰিকেটৰ লগতে কিছু ৰোমাঞ্চৰ পৰিৱেশৰো সৃষ্টি কৰিছিল। চি.এছ.কে.-ৰ ৰান-চেজৰ সময়ত আৰ.চি.বি.ৰ জাৰ্ছি পিন্ধা এগৰাকী ছোৱালীয়ে নিজৰ প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিয়া দেখা গৈছিল।খেলখনৰ একাদশ অভাৰত ছোৱালী গৰাকীয়ে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল। ছোৱালী গৰাকীয়ে ল'ৰাজনক আঙুঠি এটা দিয়া দেখা পোৱা গৈছিল।
এই মূহুৰ্তৰ কেইবাজনো অনুৰাগীৰ মাজত প্ৰাক্তন ভাৰতীয় বেটাৰ ৱাছিম জাফৰে ছ'চিয়েল মিডিয়াত ৰোমাণ্টিক মুহূৰ্তটোৰ ওপৰত নিজৰ মন্তব্য আগবঢ়াইছিল।জাফাৰৰ মন্তব্যটো যথেষ্ট হাস্যকৰ আছিল কিয়নো তেওঁ কৈছিল যে যদি ল'ৰাজনৰ আৰচিবিৰ প্ৰতি মৰম আৰু প্ৰেম থাকিব পাৰে, তেন্তে তেওঁ নিঃসন্দেহে তেওঁৰ প্ৰেমিকাক সুখত ৰাখিব। প্ৰাক্তন বেটাৰে সম্ভৱতঃ এই মন্তব্য কৰিছিল কিয়নো ফাফ ডু প্লেচিছৰ নেতৃত্বত দলটোৱে কেতিয়াও আই পি এল জিকিব পৰা নাই, যাৰ ফলত সম্ভৱতঃ কোনো অনুৰাগীৰ বাবে দলটোৰ প্ৰতি নিষ্ঠাৱান হৈ থকাটো কঠিন হৈ পৰিছে।
Comments