গুৱাহাটী,৫ মে':৩ দিনৰ ইউৰোপ ভ্ৰমণ সামৰি দেশলৈ উভতিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী। বিদেশ মন্ত্ৰালয়ৰ সূত্র মতে, বৃহস্পতিবাৰে পুৱা ফ্রান্সৰ ৰাজধানী পেৰিচৰ পৰা দিল্লীৰ উদ্দেশ্যে ৰাওনা হৈছে তেওঁ।দুবছৰ পিছত পুনৰ বিদেশ ভ্ৰমণলৈ গৈ জার্মানী, ডেনমার্ক আৰু ফ্রান্সত ২৫টা কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্রধানমন্ত্রীয়ে। তিনিখন দ্বিপাক্ষিক বৈঠকসহ কথা আলোচনাত বহে মুঠ সাতজন ৰাষ্ট্রনেতাৰ সৈতে। লগতে, উক্ত দেশবোৰত বাস কৰা ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভৱসকলৰ সভাতো যোগদান কৰে তেওঁ।মঙ্গলবাৰে ডেনমার্কৰ ৰাজধানী কোপেনহাগেনলৈ যায় মোদী।
দেশখনৰ প্রধানমন্ত্রী মেট ফ্রেডৰিকছেনৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু জলবায়ু পৰিবর্তনৰ মোকাবিলা সংক্রান্তীয় বিষয়ত দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। লগতে, স্কাণ্ডেনেভীয় (নর্ডিক) দেশ ডেনমার্ক, ফিনলেণ্ড, ছুইডেন, নৰৱে আৰু আইচলেণ্ডৰ ৰাষ্ট্রনেতাসকলৰ এক আলোচনা সভাতো অংশগ্ৰহণ কৰে।তিনিদিনীয়া ভ্ৰমণৰ অন্তিম দিনা ফ্রান্সৰ ৰাজধানী পেৰিচত ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰেৰ সৈতে বৈঠকত মিলিত হয় মোদী। বিদেশ মন্ত্ৰালয়ৰ সূত্র মতে, ফৰাচী ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনৰ বৈঠকত দুই ৰাষ্ট্রনেতাৰ আলোচনাত দ্বিপাক্ষিক বিষয়ৰ উপৰি উত্থাপন হয় ৰাছিয়া-ইউক্রেইন যুদ্ধৰ প্রসঙ্গ।আনহাতে, ইউৰোপ ভ্ৰমণৰ আৰম্ভণিতে জার্মানীত উপস্থিত হৈ মোদীয়েও স্পষ্টকৈ জনাইছিল, যুদ্ধত আচলতে কোনো দেশৰেই জয় নহ’ব। সকলোৱেই পৰাস্ত হ’ব। যুদ্ধৰ দীর্ঘম্যাদী আৰু ক্ষতিকাৰক প্রভাব পৰিব দৰিদ্ৰ আৰু উন্নয়নশীল দেশবোৰৰ ওপৰত।
Comments