গুৱাহাটী,৫ মে':প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ জাৰ্মানী ভ্ৰমণত দেশপ্ৰেমমূলক গীতেৰে প্ৰশংসা কৰা শিশুটোৰ পিতৃয়ে কৌতুক অভিনেতা কুনাল কামৰাক তীব্ৰ সমালোচনা কৰিছে, যিয়ে দুয়োৰে বাৰ্তালাপৰ এটা সম্পাদিত ভিডিঅ' শ্বেয়াৰ কৰিছিল।
কুনাল কামৰাই শিশুটোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল। কিন্তু তেওঁ ল’ৰাজনে গাই থকা গানটোৰ সলনি আন এটা গান ২০১০ চনৰ 'পিপলি লাইভ' চলচ্চিত্ৰৰ 'মেহেংগাই দায়ান খায়ে জাত হে' ভিডিঅ’ টোত আৰোপিত কৰে৷
কামৰাক "আবৰ্জনা" বুলি অভিহিত কৰি শিশুটোৰ পিতৃ গণেশ প’লে টুইট কৰি কয়, "মোৰ ৭ বছৰীয়া পুত্ৰই তেওঁৰ প্ৰিয় মাতৃভূমিৰ বাবে এই গানটো গাব বিচাৰিছিল। যদিও তেওঁ এতিয়াও বৰ সৰু কিন্তু নিশ্চিতভাৱে তেওঁ আপোনাতকৈ নিজৰ দেশক বেছি ভাল পায় কামৰা বা কচৰা যিয়ে নহওঁক আপুনি।আপোনাৰ লেতেৰা ৰাজনীতিৰ পৰা মোৰ ল’ৰাক আঁতৰাই ৰাখক আৰু আপোনাৰ দুৰ্বল কৌতুকৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক।"
Comments