গুৱাহাটী,৬ মে':বৃহস্পতিবাৰে মুকলি হ’ল আয়ুষ্মান খুৰানাৰ নতুন ছবি ট্ৰেইলাৰটোৰ মুক্তিৰ লগেই লগেই ছবিখনকলৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ ছবিখনৰ পৰিচালনা কৰিছে অনুভৱ সিন্হাই ৷ ইয়াৰ পূৰ্বে অনুভৱ আৰু আয়ুষ্মানৰ যুটিটোৱে 'Article-15' ৰ দৰে ছবি দৰ্শকক উপহাৰ দিছে ৷ বক্স অফিচ সফলতাৰ লগতে 'Article-15' ছবিখনে চলচিত্ৰ পণ্ডিত সকলৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল ৷
ইপিনে, বাস্তৱ ধৰ্মী সামাজিক ঘটনাক বিষয়বস্তু হিচাপে লৈ ছবি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অনুভৱ সিনহাৰ আছে বিশেষ নাম, ইয়াৰ পূৰ্বে 'আৰ্টিকল ১৫' ৰ ওপৰিও তেওঁ নিৰ্মাণ কৰা 'মুল্ক', 'থাপ্পড়' আদিয়েও লাভ কৰিছিল চলচিত্ৰ সমালোচকৰ লগতে ছবি প্ৰেমী ৰাইজৰ সমাদৰ ৷ 'অনেক'ৰ বিষয়বস্তু আৰু অনুভৱ সিনহা, আয়ুষ্মান খুৰানাৰ পূৰ্বৰ ট্ৰেক ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি সেয়ে এতিয়া অহা ২৭ মে’ত মুক্তি লাভ কৰিব লগীয়া ছবিখনকলৈ সৃষ্টি হৈছে আলোচনা আৰু উৎসুকতা৷মন কৰিব লগীয়া যে, চলিত বৰ্ষৰ ১১ মাৰ্চত মুক্তি লাভ কৰা বলিউড ছবি 'দ্যা কাশ্মীৰ ফাইলচ'কলৈ যেতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলিছিল সেই সময়তে বিভিন্ন জনে সামাজিক মাধ্যমত উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ আধাৰত 'দ্যা কাশ্মীৰ ফাইলচ'ৰ দৰেই 'নৰ্থ ইষ্ট ফাইলচ' বুলিও ছবি এখন নিৰ্মাণ হ’ব লাগে বুলি ব্যাপক চৰ্চা চলোৱা দেখা গৈছিল ৷
এই ছবিখনে অসমৰ বাবেও কঢ়িয়াই আনিছে এক ভাল খবৰ ৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছে বলীউডৰ সফল সংগীত পৰিচালক তথা অসম সন্তান অনুৰাগ শইকীয়াই ৷ শইকীয়াই ইয়াৰ পূৰ্বেও পৰিচালক অনুভৱ সিনহাৰ কেইবাখনো ছবিৰ সংগীত পৰিচালকৰ ভূমিকা ৰূপায়ন কৰিছে ৷
Comments