Classifieds
View All
গুৱাহাটী ৬ মে':চীনত পুনৰ ক’ভিড মহামাৰী ব্যাপক হাৰত সংক্ৰমণ হৈছে।চীনত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছ-২০২২ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ক’ভিড মহামাৰীৰ পুনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ বাবেই উদ্যোক্তা সমিতিয়ে অনিৰ্দিষ্ট কাললৈ এছিয়ান গেইমছ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।
চীনৰ হাংজৌত চেপ্তেম্বৰ মাহত ২০২২ বৰ্ষৰ এছিয়ান গেইমছ অনুষ্ঠিত হোৱাৰ কথা আছিল।উল্লেখযোগ্য যে, এছিয়ান গেইমছ-২০২২ অনুষ্ঠিত হ’বলগীয়া উদ্যোক্তা চহৰ হাংজৌৰ ওচৰৰ ছংহাই চহৰত ক’ভিডৰ ব্যাপক সংক্ৰমণৰ বাবে শেহতীয়াভাৱে এসপ্তাহৰো অধিক সময় ল’কডাউন ঘোষণা কৰা হৈছে।
Comments