Classifieds
View All
গুৱাহাটী, ৭ মেঃআলফাৰ দুজনকৈ সদস্যক মৃত্যুদণ্ড।আৰক্ষীৰ হৈ চোৰাংচোৱাৰ কৰাৰ অভিযোগত আলফাই মৃত্যুদণ্ড দিলে সঞ্জীৱ শৰ্মাক আৰু ধনজিৎ দাস ওৰফে ৰূপক অসমক৷ আলফাৰ এই কঠোৰ সিদ্ধান্তৰ পাছতেই এতিয়া শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়ালকেইটা।
সঞ্জীৱক আলফাই মৃত্যুদণ্ড দিয়াৰ পিছতে সঞ্জীৱৰ ঘৰত কান্দোনৰ ৰোল উঠিছে। কান্দি কান্দি পৰেশ বৰুৱাক অভিশাপ দিলে সঞ্জীৱৰ পিতৃয়ে।আলফাই সঞ্জীৱ শৰ্মাৰ মৃত্যুদণ্ড ঘোষণা কৰাৰ পিছতে আৱেগিক হৈ সঞ্জীৱৰ পিতৃয়ে অভিশাপ দিলে পৰেশ বৰুৱাক।
আৱেগিক হৈ সঞ্জীৱৰ পিতৃয়ে কয় যে,"আলফাই ঘৰৰ কথা বিবেচনা কৰিব লাগিছিল।মই পৰেশ বৰুৱাক অভিশাপ দিছোঁ।মই যেনেকৈ দুখ পাইছোঁ পৰেশ বৰুৱায়ো দুখ পাব।ভগবানে বিচাৰ কৰি আছে।"
Comments
আলফা স্বাধীনৰ চৰম সিদ্ধান্ত:মৃত্যুদণ্ড সন্দৰ্ভত কি ক'লে আলফা স্বাধীনে?
Published on May 7, 2022|News Source : প্ৰণৱজ্যোতি দত্ত
পৰৱৰ্তী সময়ত প্ৰকাশ পাইছিল পুনৰ এটা ভিডিঅ’৷এই ভিডিঅ'টোত সঞ্জীৱ শৰ্মাই তেওঁৰ সৈতে কোন কোন জড়িত হৈ আছিল আৰু তেওঁলোকৰ মিছন কি,কিহৰ বাবে তেওঁক আলফা স্বাধীনলৈ প্ৰেৰণ কৰা হৈছিল, তাৰ বিষয়ে সদৰি কৰিছিল৷কিন্তু আলফাৰ এই সিদ্ধান্ত কিমান গ্ৰহণযোগ্য?
ইতিমধ্যে আলফা স্বাধীনে এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰি এই সন্দৰ্ভত কয় যে,"অসমৰ মুক্তিকামী জনগণৰ লগতে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” তথা ইয়াৰ অধীনস্থ “সংযুক্ত মুক্তি ফৌজ, অসম [স্বাধীন]”ৰ সমূহ বিষয়া আৰু সদস্য-সদস্যাৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে সংগঠনৰ ভিতৰত শত্ৰুৰ চোৰাংচোৱাৰ অনুপ্ৰৱেশ বা প্ৰতিবিপ্লৱী সৃষ্টি শত্ৰুৰ প্ৰাচীন ৰণকৌশল।অসমৰ ‘সন্মিলিত জাতীয় মুক্তি বিপ্লৱ’ৰ দীৰ্ঘ পথ পৰিক্ৰমাত এইটো নিশ্চয়কৈ নতুন কথা নহয়। প্ৰতিপক্ষৰ সকলো দুৰভিসন্ধি প্ৰতিৰোধ কৰি সতৰ্কতাৰে আগুৱান হোৱাটোহে প্ৰতিগৰাকী স্বাধীনতা সেনানী কিম্বা থলগিৰি জনগণৰ প্ৰধান দায়িত্ব।
আমাৰ সংগঠনৰ উচ্চতম পৰিষদৰ মাননীয় সভাপতি মহাশয়কে ধৰি সকলো খিতাপ অথবা পদবী নিৰ্বিশেষে নতুন সদস্য গৰাকীলৈকে সংগঠনৰ পবিত্ৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া শৃংখলা, অনুশাসন, নিয়মাৱলী আৰু পালনীয় আচৰণবিধি হ’ল মুক্তি বিপ্লৱক বলিষ্ঠৰূপত আগবঢ়াই নিয়াৰ বুনিয়াদি ভিত্তি। সংগঠনৰ প্ৰতিটো স্তৰতে ইয়াৰ যথোচিত প্ৰয়োগ আৰু কঠোৰভাৱে পালন কৰি যোৱাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য।
সৱল বিপ্লৱী নৈতিকতাৰে স্বদেশ-স্বজাতিৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে সহযোদ্ধা-সতীৰ্থই কৰা অহোপুৰুষাৰ্থৰ ওচৰত বৈৰী শক্তিৰ যিকোনো গুপ্ত ষড়যন্ত্ৰ অথবা কু-চক্ৰান্ত পৰাজিত হ’বলৈ বাধ্য।সংগঠনৰ ভিতৰত ছদ্মবেশী দেশপ্ৰেমিকৰ ভাও লৈ শত্ৰুৰ শ্ৰুতলিপি মতে সংগঠনক ক্ষতি কৰিব পৰা সংবিধান পৰিপন্থী কাৰ্য্যক জাতিদ্ৰোহী অপৰাধ হিচাপে আমাৰ সংগঠনে জন্মলগ্নৰে পৰা আজিকোপতি গণ্য কৰি আহিছে।এইক্ষেত্ৰত শূন্য সহনশীল নীতি অনাগত দিনটো বাহাল থাকিব।
দখলদাৰী শত্ৰুৰ হৈ চোৰাংচোৱা কাৰ্যত লিপ্ত থকা তথা গুপ্ত ষড়যন্ত্ৰৰ বিষয়ে নিজ মুখে স্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্তৰে শ্ৰীধনজিৎ দাস ওৰফে শ্ৰীৰূপক অসম, শ্ৰীসঞ্জীৱ শৰ্মা ওৰফে শ্ৰীঋষৱ অসমক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল৷উক্ত সদস্য দুগৰাকীৰ দোষ ক্ষমাৰ অযোগ্য হোৱা হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি আজি ইংৰাজী ০৭/০৫/২০২২ তাৰিখে এনে অবাঞ্ছিত মৃত্যুদণ্ড বিহা হ’ল।"