গুৱাহাটী, ৭ মেঃ মেঘালয় আৰক্ষীয়ে মুম্বাইত এটা হত্যাৰ গোচৰত বিচৰাধীন অৱস্থাত থকা ৬ জন নাইজেৰিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। নাগৰিক কেইজনজনক শুক্ৰবাৰে ৰি'ভই জিলাৰ লাড উমচাওৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ ডাউকীৰ মাজেৰে বাংলাদেশলৈ পলাই যোৱাৰ উদ্দেশ্যৰে মেঘালয়ত প্ৰৱেশ কৰি থকা ৬ জন নাইজেৰিয়ান নাগৰিকৰ বিষয়ে মুম্বাই আৰক্ষীৰ পৰা খবৰ পোৱাৰ পিছত আৰক্ষীয়ে এই পদক্ষেপ লয়।
ফটোঃ ইন্টাৰনেট
৬ জনে পঞ্জীয়ন নম্বৰ এম এল ১০ বি ৯৭৭৯ নম্বৰৰ এখন পৰ্যটক চুমোত ভ্ৰমণ কৰি আছিল।
ইপিনে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলক ক্ৰমে; এজে ক্ৰিষ্টোফাৰ ওবাচি (৪৩), আহুকান্না চিনোনচো (৪৬), অবি ফ্ৰান্সিছ অচিষ্টা (৩৬), ওকোৰো কেলভিন চিডোজি (২৯), ইমানুৱেল এগবেই (৩৭) আৰু অচাগিড গডছটাইম (৩৮)।
গ্ৰেপ্তাৰ কৰা নাইজেৰিয়ান লোককেইজনক মুম্বাই আৰক্ষীয়ে ৱালিভ আৰক্ষী থানা চি আৰ কেছ নম্বৰ ৪৮১/২০২২ ৰ সন্দৰ্ভত ৩০২/৩৬৪/২০১/৩২৩/১৪৩/১৪৭/১৪৯ ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ ৰুজু কৰিছে।
Comments