গুৱাহাটী, ৬ মে’- ডেফলিম্পিক হ’ল বধিৰ সকলৰ আন্তঃৰাষ্ট্ৰীয় খেল। ১৯২৪ চনতে ডেফলিম্পিকৰ আই চি এছ ডি অৰ্থাৎ ইণ্টাৰ্নেশ্বনেল কমিটি অফ স্পৰ্টছ ফৰ ডেফ এ এই ডেফলিম্পিকৰ আৰম্ভনি কৰে। প্ৰতি চাৰি বছৰে অনুষ্ঠিত আৰু আন্তঃ ৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে অনুমোদন জনোৱা খেল সমূহেৰে আয়োজিত ই ইতিহাসত এক দীৰ্ঘদিন চলি থকা আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা।
১৯২৪ চনত পেৰিছত আয়োজিত ডেফলিম্পিকখনেই আছিল বিশেষভাৱে সক্ষম সকলৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা। য়ুৰোপৰ ৯ খন দেশৰ ১৪৮ জন খেলুৱৈয়ে ভাগ লোৱা আন্তঃৰাষ্ট্ৰীয় নিৰৱ খেলেৰে পেৰিছত সেইবাৰ ডেফলিম্পিক হৈছিল। ১৯২৪ চনৰ পৰা ১৯৬৫ চনলৈকে ইয়াক বধিৰসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেল বোলা হৈছিল।১৯৬৬ চনৰ পৰা ১৯৯৯ চনলৈকে আকৌ এই খেল প্ৰতিযোগিতাক বধিৰসকলৰ বিশ্বখেল বোলা হৈছিল। অৱশ্যে সেইবোৰক প্ৰসংগত বিশ্ব নিৰৱ খেল বুলিও কোৱা হৈছিল। ২০০১ চনৰ পৰা বধিৰ সকলৰ বাবে আয়োজিত বিশ্ব খেল প্ৰতিযোগিতাক ডেফলিম্পিক বোলা হয়।
২৪তম ডেফলিম্পিক এই বছৰ ব্ৰাজিলৰ কাছিয়াছ ডু ছুত অনুষ্ঠিত হৈছে। বিশ্বৰ ৭২ খন দেশৰ ১৫২১ জন পুৰুষ, ৭৪৬ মহিলাৰে মুঠ ২২৬৭ জন খেলুৱৈয়ে ভাগ লৈছে এই খেল সমূহত। ভাৰতৰ ৬৫ জন খেলুৱৈয়ে এইবাৰৰ ডেফলিম্পিকত অংশ গ্ৰহণ কৰিছে।
১০ মি. এয়াৰ ৰাইফল ইভেন্টত ভাৰতৰ ধনুশ শ্ৰীকান্তে সোণৰ আৰু সৌৰ্য্য ছাইনিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। ভাৰতৰ বেডমিণ্টনৰ দলেটোৱেও জাপানৰ বিৰুদ্ধে খেলি ৩-১ ব্যৱধানত সোণৰ পদক লাভ কৰিছে। আচৰিত কথাটো হ’ল যুদ্ধ বিধ্বস্ত ইউক্ৰেইন বৰ্তমান ১৯ টা সোণ, ৬টা ৰূপ আৰু ১৩টা ব্ৰঞ্জ পদকেৰে প্ৰতিযোগিতাৰ প্ৰথম স্থানত আছে। ৬টা সোণ, ২টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দুটা সোণ আৰু ১টা ব্ৰঞ্জৰ পদকেৰে ভাৰতৰ স্থান বৰ্তমান অষ্টম।
যোৱা ১ মে’ৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতা সমূহত আছে বেডমিণ্টন, বাস্কেট বল, বীচ্চ ভলীবল, ব’লিং, ছাইক্লিং ৰ’ড, ফুটবল, গ’ল্ফ, হেণ্দবল, জুড’, কাৰাটে, মাউণ্টেইন বাইক, শ্বুটিং, সাঁতোৰ, টে’বল টেনিছ, টাইকোৱাণ্ড’, টেনিছ, ভলীবল, মল্লযুদ্ধ আদি বিভিন্ন খেল।
২০২২ চনৰ ডেফলিম্পিকত অংশ গ্ৰহণ কৰা ভাৰতৰ দলটো হ’ল কনিষ্ঠতম আৰু সৰ্ববৃহৎ। এথলেটিকছ, বেডমিণ্টন, জুড’, কাৰাটে, শ্বুটিং, সাঁতোৰ, গ’ল্ফ, টে’বল টেনিছ, টাইকোৱাণ্ডো আৰু মল্লযুদ্ধকে ধৰি মুঠতে ১১টা খেলত তেওঁলোকে যোগদান কৰে।
১ মে’ৰ পৰা ১৫ মে’লৈ চলিব লগীয়া ডেফলিম্পিকত ভাগ ল’বলৈ নিৰ্বাচিত খেলুৱৈ সকলক ভাৰতীয় খেল প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত ৰাষ্ট্ৰীয় ক’চিং শিৱিৰত ৩০ দিনৰ প্ৰশিক্ষণ দিয়া হয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰাজ্যিক পৰ্য্যায়ৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী নিতীশ প্ৰামাণিকে আন বহু সন্মানীয় ব্যক্তিৰ সৈতে খেলুৱৈ সকলক ভাৰতক সফল ভাৱে প্ৰতিনিধিত্ব কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ উৎসাহিত কৰে।
Comments