গুৱাহাটী,৬ মে': পুনৰ আৰম্ভ হৈছে চাৰধাম যাত্ৰা। শুকুৰবাৰে পুৱা ৬.২৫ বজাৰ লগে লগে বাবা কেদাৰনাথ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ সাধাৰণ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে। প্ৰৱেশদ্বাৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ ধামী । কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ পাছত, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত প্ৰথমে পূজা সম্পন্ন কৰা হয় ।
ইফালে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকলেও অতি আগ্ৰহেৰে এই দিনটোলৈ অপেক্ষা কৰি আছিল । কেদাৰনাথ ধামৰ দুৱাৰ খোলাৰ লগে লগে মন্দিৰৰ সন্মুখত অসংখ্য ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়৷ সমগ্ৰ মন্দিৰ চৌহদ হৰ হৰ মহাদেৱৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ ইতিমধ্যে ২০,০০০ৰো অধিক ভক্ত ধামত উপস্থিত হৈছে । দেশৰ প্ৰতিটো কোণৰ পৰাই ভক্তৰ আগমন ঘটিছে । কেদাৰনাথ ৰাৱাল ভীম শংকৰ লিংগও পৌৰাণিক পৰম্পৰা আৰু নীতি নিয়মৰ মাজেৰে ভক্তৰ বাবে মুকলি কৰি দিয়া হয়।
প্ৰায় ৬ মাহৰ অন্তত কেদাৰনাথৰ দুৱাৰ মুকলি কৰা হৈছে । সেনাৰ বেণ্ড আৰু স্থানীয় ভক্তৰ সমদলেৰে বাবা কেদাৰৰ দোলা পুৱা কেদাৰনাথৰ প্ৰধান পুৰোহিতৰ বাসগৃহৰ পৰা মন্দিৰ চৌহদলৈ অনা হৈছিল । ইয়াৰ পাছতে জয় বাবা কেদাৰক স্মৰণ কৰি মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পাছতে গভীৰ আগ্ৰহেৰে ৰৈ থকা ভক্তসকলে মন্দিৰত পূজা অৰ্চনা আৰম্ভ কৰে ।
উল্লেখ্য যে বিগত বছৰ নৱেম্বৰ মাহত চাৰধাম যাত্ৰাৰ সমাপ্তি হৈছিল । পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে কেদাৰনাথ আৰু আন আন গুৰুত্বপূৰ্ণ ধামসমূহ বন্ধ কৰি দিয়া হৈছিল । সাধাৰণ ভক্তৰ দৰ্শনৰ বাবে এই ছমাহ সময় বন্ধ আছিল ধাম । এতিয়া এই ধাম মুকলি হোৱাৰ লগে লগে দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ পৰাই ভক্তসকলে তীৰ্থযাত্ৰা আৰম্ভ কৰিছে । ইফালে ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এইবাৰ ভক্তৰ সমাৱেশ বেছি হ'ব বুলিও ধাৰণা কৰা হৈছে
Comments