গুৱাহাটী,৬ মে':গুৱাহাটী বিশ্ববিদ্যালৰ ‘উনত্রিংশত্তম দীক্ষান্ত সমাৰােহ’ শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। এইবছৰৰ ২৬ জানুৱাৰীৰ পৰা হীৰক জয়ন্তী উদযাপন কৰি থকা বিশ্ববিদ্যালয়খনে লক্ষাধিক শিক্ষার্থীক স্নাতক ডিগ্ৰী আৰু ডিপ্ল'মা প্রদান কৰিছে । ইয়াৰ লগতে ৯,৮০০ শিক্ষার্থীক স্নাতকোত্তৰ, ১৪৩ গৰাকীক এম.ফিল আৰু ৬৩৩ গৰাকীক পি.এইচ.ডি ডিগ্রী প্রদান কৰা হয় । এই বৃহৎ সংখ্যক স্নাতক শিক্ষার্থীৰ ভিতৰত ২৫৫২ গৰাকী এইবাৰৰ সমাৱৰ্তনত উপস্থিত আছিল ।
বিশ্ববিদ্যালয়ৰ সামাজিক দায়বদ্ধতা, পৰম্পৰা আৰু সাংস্কৃতিক প্ৰমূল্যৰ প্রতিফলন কৰিব পৰাকৈ বিশিষ্ট প্রযুক্তিবিদ অধ্যাপক ধীৰেন্দ্ৰ নাথ বুঢ়াগােঁহাইক এই বছৰৰ সন্মানীয় ডি.এচ.চি. (D.Sc) বঁটা প্ৰদান কৰা হয় । বিশিষ্ট সাহিত্যিক তথা অভিধান প্রণেতা সুমন্ত চলিহা, প্রসিদ্ধ সাহিত্যিক তথা সাহিত্য সমালােচক নাহেন্দ্র পাদুন আৰু লােক-সংস্কৃতিৰ পণ্ডিত ধর্মসিংহ টেৰণক এই বছৰৰ সন্মানীয় পি.এইচ.ডি. ডিগ্রী প্রদান কৰা হয় ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰােহত অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্রীয় স্বীকৃতি পৰিষদৰ অধ্যক্ষ তথা গুৰু গােৱিন্দ সিং ইন্দ্রপ্রস্থ বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য অধ্যাপক কে.কে. আগৰৱালে সমাৱর্তন ভাষণ প্রদান কৰে । তেওঁ ডিগ্রী লাভ কৰা শিক্ষার্থীসকলক অভিনন্দন জনায় । চৌপাশৰ পৰিৱেশৰ পৰিৱৰ্তন সম্ভৱ কৰিব পৰাকৈ ছাত্র-ছাত্রীসকলে বহন কৰা অপাৰ সম্ভাৱনাৰ বিষয়ে তেওঁৰ সাৰুৱা ভাষণত উল্লেখ কৰে । তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এখন অন্যতম বিশ্ববিদ্যালয় ।গুৱাহাটী বিশ্ববিদ্যালয়ে বিকাশ আৰু বহনক্ষম উন্নয়নৰ মাজত সামঞ্জস্য ৰাখি আগুৱাই যাব লাগিব ।
ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে কয়, “আমি আমাৰ শিক্ষার্থীসকলৰ শৈক্ষিক সাফল্য উদযাপন কৰাৰ সময়তে আমাৰ শিক্ষার্থীসকলে তেওঁলােকৰ সৈতে বিশ্ববিদ্যালয়লৈ কঢ়িয়াই অনা অঞ্চলটোৰ সমৃদ্ধ সংস্কৃতিৰ বিষয়েও প্রশংসা কৰিব লাগিব । এই বিশ্ববিদ্যালয়ে প্রদান কৰা শৈক্ষিক, ক্রীড়া, সামাজিক আৰু সাংস্কৃতিক আলােকধাৰাই ছাত্র-ছাত্রীসকলক চিৰদিনৰ বাবে উজ্জীৱিত কৰি ৰাখিব আৰু তেওঁলােকৰ স্মৃতিৰ ভড়াল সজীৱ কৰি ৰাখিব ।”
Comments