Classifieds
View All
গুৱাহাটী,৬ মে':ত্ৰিপুৰাৰ ধলাই জিলাত দুটা পৰিয়ালৰ মাজত ভূমি বিবাদৰ অভিযোগত হোৱা কাজিয়াৰ সময়ত এহাল বৃদ্ধ দম্পতী আৰু তেওঁলোকৰ পুত্ৰ গুৰুতৰভাৱে আহত হয়।এজন আৰক্ষী বিষয়াই কৈছিল যে বৃহস্পতিবাৰে আবেলি কমলপুৰত দুয়োটা পৰিয়ালৰ আত্মীয়ই ইজনে সিজনক আক্ৰমণ কৰিছিল,যাৰ ফলত সাতজন লোক আহত হৈছিল।
আহত সাতজন ব্যক্তিৰ ভিতৰত ৭০ বছৰীয়া ৰজনী দাসৰ আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ যাওঁতে মৃত্যু হয়, আনহাতে তেওঁৰ পত্নী ৬৭ বছৰীয়া বিলাসী আৰু ৪১ বছৰীয়া পুত্ৰ প্ৰত্যুষ দাসে শুকুৰবাৰে পুৱতি নিশা মৃত্যুবৰণ কৰে।এগৰাকী মহিলাসহ আহত লোকসকল বৰ্তমান ধলাই জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।ঘটনাসন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।
Comments