গুৱাহাটী, ৭ মেঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ এক দাবী অনুসৰি আগষ্ট ২০২০ ৰ পৰা এপ্ৰিল ২০২১ লৈ তেওঁলোকৰ চৌহদত এক পৰিৱেশ পৰ্যৱেক্ষণ কাৰ্যসূচীৰ সময়ত বায়ু আৰু পৃষ্ঠৰ পৰা নমুনা লোৱা হয়, য'ত তেওঁলোকে ক'ভিড সম্পর্কীয় বিভিন্ন ন-তথ্য উদ্ভাৱন কৰিবলৈ সক্ষম হয়।
বিগত সপ্তাহৰ 'জাৰ্নেল অফ এক্সপোজাৰ চাইন্স এণ্ড এনভায়ৰনমেণ্টেল এপিডেমিঅ'লজী'ত প্ৰকাশিত এক অধ্যয়নত ৰাজহুৱা স্থান যেনে: শ্ৰেণীকোঠা, ব্যায়াম কোঠা, কেফেটেৰিয়া, বাছ আৰু জিম, আৰু খিৰিকী, স্কাইলাইট আৰু ভেণ্টিলেচন নলী আদিৰ পৰা নমুনা লোৱা হয়।
য'ত তেওঁলোকে পৃষ্ঠৰ সংক্ৰমণৰ আশংকা বায়ুবাহিত সংক্ৰমণৰ আশংকাতকৈ ১,০০০ গুণ কমকৈ বিয়পে অৰ্থাৎ বায়ুত ক'ভিড বিয়পাৰ আশংকা ১,০০০ গুণ অধিক বুলি দাবী কৰিছে।
এই দাবী বিশ্ববিদ্যালয়ৰ স্কুল অৱ পাব্লিক হেল্থৰ অধ্যাপক চুয়ান জিয়ানউৱে কৰিছে।
ছি (অধ্যাপক চুয়ানৱু ছি) আৰু তেওঁৰ সহকৰ্মীসকলে বায়ুৰ নমুনাৰ বাবে এনে সঁজুলি ব্যৱহাৰ কৰিছে, যি পাম্প এটাৰ জৰিয়তে বৃহৎ পৰিমাণৰ বায়ু আহৰণ কৰি তাত থকা যিকোনো ভাইৰাছ চিনাক্ত কৰিব পাৰে।
Comments